বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত ১ আগষ্ট তাৰিখৰ পৰা অনুষ্ঠিত হোৱা আন্ত:জিলা আৰক্ষী থানা ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত অৰ্থাৎ ফাইনেল খেলখন অনুষ্ঠিত হয়। বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত চূড়ান্ত খেলখন শুভ উদ্ধোধন কৰে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক নবীন সিঙে।

বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামত বিহালী আৰক্ষী থানা আৰু বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখন প্ৰথমাৰ্ধত গ'ল শূণ্য ভাবে শেষ হয়। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত দ্বিতীয়াৰ্ধৰ খেল অৰাম্ভ হোৱাৰ কিছু সময় পিছতে বিহালী আৰক্ষী দলে বিশ্বনাথ আৰক্ষী দলক ১ গ'ল দিবলৈ সক্ষম হয়। নিৰ্ধাৰিত সময়লৈকে খেলখন ১-০ ভাবে সমাপ্ত হোৱাত বিহালী আৰক্ষী দলে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাত শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে বিহালী আৰক্ষী দলৰ অমল বৰাইক আৰু শ্ৰেষ্ঠ গল কিপাৰৰ সন্মান লাভ কৰে জেবিয়াৰ খাৰীয়াই।

এই প্ৰতিযোগিতাত জিলাখনৰ অন্তৰ্গত ৮ খনকৈ আৰক্ষী থানাৰ ৮ টা দলে অংশগ্ৰহণ কৰিছিল। বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাই আঁত ধৰা পুৰস্কাৰ বিতৰণী অনুষ্ঠানত উপস্থিত থাকে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাতে, বিজেপিৰ জিলা সভাপতি পংকজ বৰাৰ লগতে গণ্যমান্য ব্যক্তিসকল। এই প্ৰতিযোগিতাখন সফল ভাৱে সমাপ্ত হোৱাত বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক নবীন সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই ক্ৰীড়াপ্ৰেমী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।