গোলাঘাটৰ উদয়ন চাহ বাগিচাত বাঘৰ সন্ত্ৰাস।, গোলাঘাট ২৫ মাৰ্চ
গোলাঘাট জিলাৰ উদয়ন চাহবাগিচাত কাম কৰি থকা অৱস্থাত আজি দিন দুপৰতে এটা নাহৰফুটুকী বাঘে এগৰাকী শ্ৰমিকৰ ডিঙিত ধৰি চোচৰাই নিয়াৰ ঘটনাই চাহবাগিছা খনত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি
আজি দিনৰ ভাগত চাহ বাগিচা খনত প্ৰায় ৩০ জনীয়া এটা শ্ৰমিকৰ দলে দৰৱ মাৰি থাকোতে ৰূপেশ্বৰ তাতী নামৰ এজন শ্ৰমিকক হঠাৎ নাহৰফুটুকী টোৱে ডিঙিত ধৰি চোচোৰাই নিব বিচাৰোতেই সহকৰ্মী সকলে চিঞৰ বাখৰ কৰাত বাঘটোৱে শ্ৰমিক জনক এৰি আঁতৰি যায়।
বাঘটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ৰূপেশ্বৰক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।