হত্যাকাৰীৰ জাবজীৱন কাৰাদণ্ডৰ হুকুম।
গোলাঘাট ২৪ মাৰ্চ।
## ২০০৬ চনৰ ১৩ জানুৱাৰীত গোলাঘাটৰ ফৰকাটিং ৰেলৱে জংচনত সংঘটিত হোৱা এজন CRPF জোৱানৰ হত্যাকাণ্ডৰ ৰায়দান দি গোলাঘাট জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ নাচিম আখটাৰৰ আদালতে আজি ৩ আচামীক যাৱজ্জীৱন কাৰাদণ্ড বিহে। উল্লেখ মাজত যোগ্য যে হত্যাকাণ্ডটোৰ লগত জড়িত দুজন হত্যাকাৰীৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে মৃত্যু হৈছে।
ঘটনা অনুসৰি ২০০৬ চনৰ ১৩ জানুৱাৰীৰ নিশা ১০ বজাত ৬১ নং CRPF বেটালিয়নৰ জোৱান চহিদুল ইছলামে ছুটী লৈ ৰেলেৰে ঘৰলৈ বুলি আহি ফৰকাটিং ৰেল জংচন নামৰ পাছতে তিনি যুৱক ক্ৰমে সঞ্জীৱ নাথ,দুলু শইকীয়া আৰু দেৱজিত শইকীয়াই তেওক চুৰিৰে হানি খুচি হত্যা কৰিছিল।
ইয়াৰ পাছত তিনি অভিযুক্তৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত পৰিয়ালে এক গোচৰ ৰুজু কৰিছিল। গোচৰ।ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰা অধীনত গোলাঘাটৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত চলিছিল গোচৰ। সাক্ষ্য প্ৰমাণ গ্ৰহণ কৰাৰ পাছত আজি একমাত্ৰ জীৱিত অভিযুক্ত দেৱজিত শইকীয়াক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ হুকুম দিয়াৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে আৰু জৰিমনা অনাদায়ে আৰু ৬ মাহৰ অতিৰিক্ত কাৰাদণ্ডৰো হুকুম দিয়ে।
March 25, 2023