প্ৰচাৰৰ দিশটো অতিকৈ গুৰুত্বপূৰ্ণ। বহু ভাল চিনেমা প্ৰচাৰৰ অভাৱত দৰ্শকৰ সহাৰিৰ পৰা বঞ্চিত হয়।

কিন্তু এইক্ষেত্ৰত ছবি পৰিচালক হিমাংশু প্ৰসাদ দাসক কিছু ব্যতিক্ৰম দেখা যায়। তেখেতে ইতিপূৰ্বে নিৰ্মান কৰা প্ৰতিখন চিনেমাৰ প্ৰচাৰৰ ক্ষেত্ৰত আমি অভিনৱত্ব দেখিছিলোঁ।

অতি শেহতীয়াভাৱে মুক্তিৰ অপেক্ষাত থকা বুলু ফিল্মৰ প্ৰচাৰো তীব্ৰ গতিত অব্যাহত আছে। ছোচিয়েল মিডিয়াত উপলব্ধ সকলো উপকৰণ আৰু উপাদানৰ সঠিক ব্যৱহাৰেৰে চলোৱা প্ৰচাৰে আজি দৰ্শকৰ মনত বুলু ফিল্মৰ সন্দৰ্ভত এক আগ্ৰহৰ জন্ম দিছে। অভিনৱ প্ৰচাৰ কৌশলৰ এক নতুন নিদৰ্শন হিচাপে দেখা গৈছে যে গুৱাহাটীৰ বিভিন্ন ৰেষ্টুৰেন্টৰ প্ৰস্বাৱগাৰৰ লগতে ৰাজহুৱা প্ৰস্বাৱগাৰত আৰি দিয়া হৈছে বুলু ফিল্মৰ পোষ্টাৰ।

ইয়াৰ পূৰ্বে এইদৰে টইলেটত চিনেমাৰ পোষ্টাৰ লগোৱা দেখা যোৱা নাছিল। যিহেতু বিভিন্ন অনুস্থান প্ৰতিস্থানৰ প্ৰস্বাৱগাৰলৈ সমাজৰ ভিন্নস্তৰৰ লোক যায়, সেই সকলো লোকৰে চকুত নিশ্চিতভাৱেই পোষ্টাৰখন পৰিব। ই বুলু ফিল্মৰ বিষয়ে সেই মুহূৰ্তলৈকে গম নোপোৱা লোককো জানিবলৈ বাধ্য কৰাব যে অহা ৯ চেপ্তেম্বৰত সমগ্ৰ অসমৰে ছবিগৃহত মুক্তি লাভ কৰিব গুৱেৰ্ণিকাৰ নতুন চিনেমা হিমাংশু প্ৰসাদ দাস পৰিচালিত বুলু ফিল্ম।