সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক শক্তি বৃদ্ধি আৰু দলীয় কাৰ্যসূচীৰ প্ৰসাৰৰ লক্ষ্যৰে বুথ স-শক্তিকৰণ অভিযান অব্যাহত আছে। ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যোগতো ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এই অভিযানৰ অংশমৰ্মে বুথ পৰ্যায়তসমূহত সাংগঠনিক কাম-কাজ আৰু অন্যান্য দলীয় কাম অব্যাহত ৰাখিছে।
এই বুথ সশক্তিকৰণ অভিযানৰ অংশস্বৰূপে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মহিলা মৰ্চাৰ সন্মানীয়া সাধাৰণ সম্পাদিকা তথা বৰদলনি মণ্ডলৰ অল্পকালীন বিস্তাৰক শ্ৰীমতী হিমাশ্ৰী দেৱী ডাঙৰীয়ানী আৰু ৰাজ্যিক অনুসুচিত জাতি মৰ্চাৰ সামাজিক মাধ্যম কোষৰ সন্মানীয় আহ্বায়ক শ্ৰীযুত ভবেন্দ্ৰ দাস ডাঙৰীয়াই আজি ৯১ নং আৰু ৭৯ নং বুথৰ সভাত অংশগ্ৰহন কৰি সকলোকে দলৰ হৈ নিষ্ঠাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনোৱা লগতে তৃণমূল পৰ্য্যায়ৰ বুথ সমূহক অধিক শক্তিশালী কৰাৰো পোষকতা কৰে।
উক্ত সভাত মণ্ডলৰ সভাপতি ভূৰাম দত্ত,
সাধাৰণ সম্পাদক ৰুবোল সোনোৱাল, সম্পাদক চিৰণ চুতীয়া, মণ্ডল অ'বিচি মৰ্চাৰ উপ-সভাপতি ৰানা ৰাজখোৱা সামাজিক মাধ্যম কোষৰ আহ্বায়ক হিৰেন বৰুৱা ,শক্তিকেন্দৰ আহ্বায়ক, বুথ সভাপতি আৰু বুথৰ নিষ্ঠাবান কাৰ্যকৰ্তা সকল উপস্থিত থাকে ।