মৰাণ সমষ্টিৰ লৰুৱা মণ্ডলৰ সভাপতি সূৰ্য্য ফুকন নেতৃত্বত বুথ সৱলীকৰণৰ অভিযান সফলতাৰ ১০০% দিশত আগ ‌বাঢ়িছে।

  বুথ সৱলীকৰণৰ অংশ স্বৰূপে আজি লৰুৱা মণ্ডলৰ বিভিন্ন স্থানত পৃথকে পৃথকে বুথ সৱলীকৰণ জড়িয়তে তথ্য অন্তৰ্ভুক্তি কাৰ্যসূচীও আগবাঢ়িছে। 

তাৰে ভিতৰত আজি মণ্ডলৰ অন্তৰ্গত খোৱাং পঞ্চায়তৰ অধীনত থকা খোৱাং ৰাজহুৱা প্ৰেক্ষাগৃহত 'মাঘ ' শক্তিকেন্দ্ৰৰ শক্তিপ্ৰমূখ শ্ৰী সুমেশ্বৰ বাইলোংৰ তত্বাৱধানত, শক্তিবিস্তাৰক গৰুধৰীয়া আঞ্চলিক পঞ্চায়তৰ সদস্যা শ্ৰী মতী দুৰ্লভী দেউৰী পৰ্য্যবেক্ষনত এখন সভা অনুষ্ঠিত হৈ যায়। 

     খোৱাং পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা ফুকনৰ উপস্থিতিত হোৱা সভাত লৰুৱা মণ্ডলৰ বুথ সৱলীকৰণ অভিযান আৰু তথ্য অন্তৰ্ভুক্তি ৰ চাৰিজনীয়া আহ্বায়ক সমিতিৰ অন্যতম সদস্য তথা লৰুৱা মণ্ডলৰ সমাজিক মাধ্যমৰ আহ্বায়ক শ্ৰী ৰোপন ভৰলুৱা ডাঙৰীয়া উপস্থিত থাকি বুথ সৱলীকৰণ আৰু তথ্য অন্তৰ্ভুক্তিৰ বিষয়ে উপস্থিত কাৰ্যকৰ্তা সকলক বিশদভাৱে বুজাই দিয়াৰ 

লগতে বুথ সমিতিৰ সভাপতি সকলক তথ্য অন্তৰ্ভুক্তি বিষয়ত অধিক গুৰুত্ব দিবলৈ আহ্বান জনাই।