*গোলাঘাটত পোষণ “পখোৱাৰা”ৰ শুভাৰম্ভ*

 গোলাঘাট 

গোলাঘাট, ২২মাৰ্চ : গোলাঘাটৰ অলংকাৰ বিবাহ ভৱনত আজি গোলাঘাট জিলা সমাজ কল্যাণ বিভাগৰ সৌজন্যত আয়োজিত এক অনুষ্ঠানত জিলা পৰ্যায়ৰ পোষণ “পখোৱাৰা” উদযাপনৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ সৈতে সংগতি ৰাখি গোলাঘাট নগৰৰ মাজেৰে এটা সজাগতা সমদলো উলিওৱা হয় । এই বিশেষ অভিযানৰ জৰিয়তে পৰিপুষ্টিগত সুস্থতাৰ বাবে শ্ৰীঅন্ন (মিলেট)ৰ প্ৰসাৰ আৰু জনপ্ৰিয়কৰণ, ৰাজ্যজুৰি সুস্থ শিশু প্ৰতিযোগিতাৰ আয়োজন আৰু সক্ষম অংগনৱাড়ী কেন্দ্ৰৰ জনপ্ৰিয়কৰণ ইত্যাদিৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া গৌৰিপ্ৰীয়া দেউৰীয়ে আদৰণি ভাষণ দিয়ে । অনুষ্ঠানত অংশ লৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ মৃদুস্মিতা বৰঠাকুৰে পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ জৰিয়তে মিলেটৰ বিভিন্ন পৰিপুষ্টিজনিত উপকাৰিতাৰ বিষয়ে বাখ্যা কৰি মিলেটক দৈনিক আহাৰৰ এক অৱিচ্ছেদ্য অংগলৈ ৰূপান্তৰিত কৰাৰ বাবে উপযুক্ত সজাগতা সৃষ্টিৰ বাবে আহ্বান জনায় । তেওঁ মিলেটৰ পৰা প্ৰস্তুত কৰিব পৰা খাদ্যসামগ্ৰীৰ বিষয়েও বিতং বৰ্ণনা আগবঢ়ায় । সভাত অসম মিলেট মিছনৰ অধীনত অসম চৰকাৰে বাছনি কৰা গোলাঘাট জিলাৰ ২৫ গৰাকী প্ৰগতিশীল কৃষকৰ অন্যতম সিদ্ধাৰ্থ শৰ্মাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে । তেওঁ নিজৰ ভাষণত মিলেটৰ উপকাৰিতা আৰু এছিয়া মহাদেশত ইয়াৰ ব্যাপক উপলব্ধতাৰ বিষয়ে বক্তব্য আগবঢ়ায় । ছুপাৰভাইজৰ বাণী বৰাই আঁত ধৰা অনুষ্ঠানটোত পোষণ অভিযানৰ জিলা সমন্বয়ক প্ৰিয়মজিত দুৱৰাই শলাগৰ শৰাই আগবঢ়ায় । অনুষ্ঠানত শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, ব্লক পৰ্যায়ৰ পোষণৰ বিষয়া কৰ্মচাৰী, ছুপাৰভাইজৰসকল, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ বিষয়া কৰ্মচাৰী, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকল উপস্থিত আছিল ।