বৰহাট চাহ বাগিচাত ঘৰৰ ৱাল ভাঙি শ্ৰমিকৰ মৃত্যু ।বৰহাট চাহ বাগিচাত ঘৰৰ ৱাল ভাঙি শ্ৰমিকৰ মৃত্যু

চৰাইদেউ জিলাৰ বৰহাট চাহ বাগিচাৰ মঙলু লাইনৰ মদন মুৰাৰি (৪৫ )নামৰ এজন শ্ৰমিকৰ মৃত্যু।বাগিচাৰ এটি পুৰণি ঘৰ মেৰামতি কৰি থকা অৱস্থাতে ৱাল খহি গাত পৰাত সংকট জনক অৱস্থাত চিকিৎসালয়লৈ নি থকা সময়তে মৃত্যুক আঁকোৱালি লয়।

দীনেশ তেলী নামৰ লোক জনৰ ঘৰত বাগিচা পৰিচালকৰ আদেশত পুৰণি জৰাজীৰ্ণ ঘৰটোৰ মেৰামতিৰ কামত লগাইছিল মদন মুৰাৰীক।

তিনিটাকৈ কণ কণ সন্তানৰ পিতৃ আছিল মদন মুৰাৰি।

এটি পুৰণি জৰাজীৰ্ণ ঘৰৰ কাম কৰিবলৈ বাধ্য কৰোৱা বাগিচাৰ পৰিচালক লগতে দীনেশ তেলীৰ বিৰুদ্ধে এতিয়া সৰৱ হৈছে আটছা।

মৃত ব্যক্তি জনৰ পোষ্ট মৰ্টেম কৰাৰ বাবে লিখি দিয়াৰ পিছতো ঘটনা গাপ দিয়াৰ চেষ্টা বৰহাট আৰক্ষীৰ।আটছাকে ধৰি বিভিন্ন দল সংগঠনৰ হেঁচাত পৰৱৰ্তী সময়ত মদন মুৰাৰীৰ মৃতদেহ পোষ্ট মৰ্টেম কৰাবলৈ বাধ্য হয় বৰহাট আৰক্ষী।

অন্যহাতে মৃতকৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী আটছাৰ।