:গোলাঘাটত ঋণ দিয়াৰ নামত প্ৰৱঞ্চনা
এজন গ্ৰেপ্তাৰ
গোলাঘাট
গোলাঘাট জিলাৰ বিভিন্ন গ্ৰামাঞ্চল আৰু বাগিচা অঞ্চলৰ সহজ সৰল লোক এতিয়া টাৰ্গেট হৈ পৰিছে কেতবোৰ প্ৰবঞ্চকৰ ৷ মঙ্গলবাৰে সহজতে ঋণ দিয়াৰ নামত বাগিচাৰ শ্ৰমিকৰ পৰা টকা সংগ্ৰহ কৰা অবস্থাতে ৰাইজে আবদ্ধ কৰিলে এটা প্ৰবঞ্চকক ৷ খুমটাইৰ তেলিশাল বাগিচাত সংঘটিত হৈছে এই ঘটনা ৷ প্ৰথমে কম্বল বিক্ৰী কৰি চিনাকি হয় বাগিচাৰ লোকসকলৰ সৈতে ৷ তাৰ পিছত ঋণ দিয়াৰ আভুৱা ভাৰি টকা সংগ্ৰহ আৰম্ভ কৰি দিয়ে ৷ মধ্যপ্ৰদেশৰ প্ৰবীণ চাৰণ নামৰ এই লোকজনে নিজাববীয়াকৈ তেলিশাল বাগিচাৰ শ্ৰমিক সকলক ২০,০০০ টকাকৈ লোণ দিয়াৰ নামত সংগ্ৰহ কৰিছিল ১৫০০ কৈ টকা ৷ ইতিমধ্যে কেইবাজনো ব্যক্তিৰ পৰা লোণৰ নামত সংগ্ৰহ কৰিছিল টকাখিনি ৷ তেনেকুৱাতে বাগিচাৰ সচেতনৰ লোকৰ সন্দেহ উপজাত আৰক্ষীৰ লগত যোগাযোগ কৰে ৷ তাৰপিছতেই বাগিচাৰ লোকসকলে প্ৰবঞ্চকটোক আবদ্ধ কৰি ৰাখে ৷ এনেকৈয়ে লোণ দিয়াৰ নামত বহু ঠাইত প্ৰবঞ্চকটোৱে সংগ্ৰহ কৰিছে টকা ৷ প্ৰবঞ্চকটোক আবদ্ধ কৰাৰ পিছত লোকে লোকাৰণ্য হৈ পৰে তেলিশাল ৷ শেষত গোলাঘাট আৰক্ষী উপস্থিত হৈ প্ৰবঞ্চকটোক আটক কৰে ৷
March 21, 2023