ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ দেশতেই আৰম্ভ কৰা বুথ সৱলীকৰণ অভিযানৰ অংশস্বৰূপে আজি ধেমাজি জিলাৰ অন্তৰ্গত জোনাই সমষ্টিৰ চিচিটঙানী মণ্ডলৰ নামনি চিচিটঙানি শক্তিকেন্দ্ৰ ৩৪৯ নং বুথত জিলাৰ পৰা নিয়োজিত অল্পকালীন বিস্তাৰক দেৱজিৎ দেউৰীৰ উপস্থিতিত বুথৰ সভা অনুস্থিত হয়।

উক্ত বুথ সভাত উপস্থিত থাকে মণ্ডলৰ সভাপতি নৰেন দলে শক্তিকেন্দ্ৰৰ আহ্বায়ক সন্মানীয় দীনেশ পেগুৰ লগতে বুথৰ সভাপতি আৰু দলৰ নিষ্ঠাবান কাৰ্যকৰ্তা সকল।

উল্লেখযোগ্য যে মণ্ডলৰ সভাপতি আৰু বিস্তাৰক মহোদয়ে উপস্থিতিত বুথৰ কাৰ্যকৰ্তা সকলক দলৰ তৃণমূল পৰ্য্যায়ৰ বুথ সমূহ শক্তিশালী হলেহে দল শক্তিশালী হ'ব এই বিষয়ে বিতংকৈ বৰ্ণনা কৰা লগতে অসম চৰকাৰে জনসাধাৰণৰ বাবে আগবঢ়োৱা অভিলাষী আঁচনি সমূহৰ বিষয়ে অৱগত কৰা লগতে যিসকলে সুবিধা সমূহ লাভ কৰিছে তেওঁলোকৰ লগতো মত বিনিময় কৰে।