গোলাঘাটত বিশ্ব ঘৰচিৰিকা দিৱস

, গোলাঘাট।

আজি বিশ্ব ঘনচিৰিকা দিৱস ৷ এটা সময়ত চোতাল শুৱনি কৰা মৰমলগা ঘনচিৰিকা চৰাই সম্প্ৰতি বিলুপ্তিৰ পথত ৷ চাৰিওফালে কংক্ৰিটৰ ঘৰে আগুৰি ধৰাত ঘনচিৰিকাৰ আৱাসস্থল হিচাপে জনাজাত খেৰিঘৰ সমূহ বিলুপ্তি হৈ অহাৰ লগে লগে চৰাইবিধ যেন বিপাঙত পৰিছে ৷ কিন্তু খুমটাইৰ চিনাতলী গাঁৱৰ প্ৰকৃতিপ্ৰেমী লোকে ঘৰতে সংৰক্ষিত কৰিছে ঘনচিৰিকা চৰাই ৷ চিনাতলীৰ অনন্ত শইকীয়াৰ পৰিয়ালে নিজ ঘৰতে সুবিধা কৰি দিছে ঘনচিৰিকাৰ বাবে বাসস্থান ৷ ২০১২ চনৰে পৰা ঘৰচিৰিকা সংৰক্ষণ কৰি আহিছে পৰিয়ালটোৱে ৷ ঘৰৰ বিভিন্ন স্থানত শাৰী শাৰীকৈ ওলমাই থৈছে ঘনচিৰিকা বাসকৰা বাকচ সমূহ ৷ মাজে মাজে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলক ঘৰচিৰিকা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সজাগতাও কৰে অনন্ত শইকীয়া আৰু পত্নীয়ে ৷ বৰ্তমান সমাজৰ পৰা হেৰাই যাবলৈ ধৰা চৰাই বিধ সংৰক্ষণ কৰা আৰু সংৰক্ষণ কৰিবলৈ সকলোকে সজাগ কৰা প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয় ৷