দেওমৰনৈৰ কুমাৰপাৰাত  প্ৰেয়সীক প্ৰেম নিবেদন কৰিবলৈ আহি ধাৰাশায়ী প্ৰেমিক যুৱক৷

কুমাৰপাৰাত মুমুৰ্ষ অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিলে প্ৰেমিক যুৱকজনক ৷কলাইগাও সমষ্টিৰ অন্তৰ্গত বোক্ৰাঝাৰ অঞ্চলৰ আলটাফ হুছেইন নামৰ যুৱকজনে ইয়াৰ  এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক দীৰ্ঘ দিন ধৰি প্ৰেম নিবেদন কৰাৰ উদ্দেশ্যৰে মোবাইলত মেছেজ কৰি আৰু সঘণে বাট আগছি ধৰি  মানসিক নিৰ্যাতন চলাই আহিছিল ৷

ৰবিবাৰে প্ৰেমিক যুৱক জন কুমাৰপাৰাত আহি উপস্হিত হৈ প্ৰেয়সীক লগ কৰাৰ  চেষ্টা চলোৱাৰ সময়তে  যুৱকগৰাকীক প্ৰেয়সীৰ পৰিয়ালৰ লোকে প্ৰথমে বাইকেৰে খুন্দিয়াই৷পৰিস্থিতি বিষম দেখি প্ৰেমিক যুৱক গৰাকীয়ে পলাবলৈ চেষ্টা কৰোতেই প্ৰেয়সী ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে খেদি খেদি যুৱক জনক আটক কৰি মাৰপিট কৰে ৷মুমুৰ্ষ অৱস্থাত প্ৰেমিক যুৱক জনক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ইপিনে ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে পাথৰিঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷