Salbari_Bad condition Road

পথ নে পুখুৰী ভালকৈ ধৰিব নোৱাৰা বাক্সাৰ এটি পথৰ জৰাজীৰ্ণ ৰূপ৷ বাক্সাৰ চাপাগুৰি সমষ্টিৰ অন্তৰ্গত অঞ্চলীৰ পৰা ডুমুনীলৈ যোৱা পথটোৰে নিতৌ বহু বিদ্যালয়ৰ ছাত্ৰছাত্ৰী, শ শ দুচকীয়াৰ পৰা চাৰিচকীয়া, ছয়চকীয়া যানবাহনৰ চলাচল হয় যদিও পথটোৰ জৰাজীৰ্ণ ৰূপটো আজিলৈ কিন্তু চৰকাৰী কোনো এজন জনপ্ৰতিনিধিৰ চকুৰ আগতেই ধৰা নপৰিল৷বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ ভোট লাভ কৰি বিটিআৰৰ চীফ প্ৰমোদ বড়ো আৰু ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম জিকি গৈছিল যদিও পৰৱৰ্তী সময়ত জৰাজীৰ্ণ এই পথটো যাতায়াতৰ বাবে সূচল কৰি দিবলৈ কোনো এজন জনপ্ৰতিনিধি আগবাঢ়ি নাহিল৷স্কুল কলেজৰ ছাত্ৰছাত্ৰীকে ধৰি বিভিন্নজনে যমৰ যন্ত্ৰণা ভূগি বছৰ বছৰ ধৰি এই পথটোৰে আহযাহ কৰি আহিছে যদিও বহু পুৰণি এই পথটো কিন্তু আজিলৈ সুগম হৈ নুঠিল৷ পথৰ মাজে মাজে কেবল প্ৰকাণ্ড প্ৰকাণ্ড গাঁত আৰু তেনে এক পথৰ মাজেৰেই বছৰ বছৰ ধৰি নৰকযন্ত্ৰণা ভূগি যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে চাপাগুৰি সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে৷