নুমলীগড়ৰ বকিয়াল বুঢ়াগোহাঁই খাটত উৰে নিশা বন্যহাতীৰ উপদ্ৰব ৷ বিদ্যুত তাঁৰত লাগি আহত এটা হাতী ৷ কথমপি হাতীটোৰ প্ৰাণৰক্ষা ৷

নুমলীগড়ত দেওবাৰে নিশা বিদ্যুৎপিষ্ট হৈ আহত এটা বন্য হস্তীৰ কথমপি ৰক্ষা । খাদ্যৰ সন্ধান ত ওলাই অহা এটা হাতীৰ জাকে বুঢ়াগোহাঁই খাটৰ এজন লোকৰ বাৰীৰ কলগছ ভাঙি খাওঁ তেই বিদ্যুত তাঁৰত লাগি বিদ্যুৎ সংযোগ হয় হাতীটোৰ । উৰে নিশা ত্ৰাস চলাই সমগ্ৰ অঞ্চলটোত ।

 নুমলীগড়ৰ বকিয়াল বুঢ়া গোহাঁইখাট অঞ্চলত উৰে নিশা চলাই উপদ্ৰৱ । যোৱা নিশা অঞ্চলটোত হাতীৰ এটা জাকে খাদ্যৰ সন্ধানত বিচৰণ কৰি থকাৰ সময়তে সংঘটিত অঘটনটো ।নেৰানপেৰা বৰষুণৰ মাজতে জাকৰ মাজৰ এটা বন্যহস্তী য়ে এজোপা কলগছ ভাঙি খাওঁ তেই বিদ্যুৎস্পৃষ্ট হৈ সংজ্ঞাহীনভাবে পৰি ৰয় বহু সময় । লগে লগে স্থানীয় লোকে বিদ্যুত কৰ্তন কৰাত হাতীটো নিৰ্বিঘ্নে পিছত লগত থকা আন হাতী কেইটাৰ সহযোগত সেই স্থানৰ পৰা ওলাই যায় যদিও কথমপী হে প্ৰাণ ৰক্ষা হয় হাতী টোৰ । ইফালে স্থানীয় ৰাইজৰ সন্দেহ বিদ্যুৎস্পৃষ্ট হোৱা হাতী টো আঘাত প্ৰাপ্ত হৈছে । নিশা হাতীৰ জাকটোৱে গাওঁখনৰ কেইবাটাও পৰিয়ালৰ ঘৰ - বাৰী তহিলং কৰে ৷.                                                        March 20, 2023(2)