গোলাঘাট নগৰত ৰথ যাত্ৰাৰ ৰজা হ'ব সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন । গোলাঘাট নগৰত শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ ৰজা হ'ব সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন । সমাৱেশ ঘটিব আমেৰিকা,লণ্ডণ,ৰাছিয়াৰ ভক্তপ্ৰাণ বিদেশী অতিথি মহিলাৰ । বিদেশী মহিলাৰ হৰিনাম সংকীৰ্ত্তনে মুখৰিত কৰিব গোলাঘাট নগৰ । জগন্নাথ,মায়াপুৰী,ঋষিকেশ, বৃন্দাবনৰ পৰা আহিব পুৰোহিত । অহা ২০ জুনৰ পৰা ২৮ জুন পৰ্যন্ত বিস্তৃত কাৰ্যসূচী । ইছকন নামহট্ট মায়াপুৰীৰ দ্বাৰা অনুমোদিত শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰা গোলাঘাট নগৰত উলিওৱা হ'ব অহা ২০ জুনত । ৰথ যাত্ৰাৰ ৰজা হিচাপে আমন্ত্ৰণ জনোৱা হ'ব সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনক । গোলাঘাট নগৰৰ ষ্টেচন ৰোড সাৰ্বজননীন কলিবাৰী মন্দিৰত ২১ জুনৰ পৰা ২৭ জুনলৈকে চলিব হৰিনাম সংকীৰ্ত্তন আৰু ভাগৱত পাঠ । বিদেশী ভক্তয়েও অংশগ্ৰহণ কৰি ভক্তিৰসেৰে মুখৰিত কৰিব । ২৮ জুনত হ'ব ৰথ যাত্ৰাৰ হ'ব উভতনি যাত্ৰা । এই উপলক্ষে কালি ষ্টেচন ৰোড সাৰ্বজনীন কালি মন্দিৰত প্ৰস্ততি সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । উক্ত সভাতে শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰা সাফল্যমণ্ডিত কৰি তোলাৰ অৰ্থে উদযাপন সমিতি গঠন কৰে । সভাত দীপ দাসে ৰথ যাত্ৰাৰ সন্দৰ্ভত সভাত বিস্তৃত ব্যাখা আগবঢ়ায়।