গোলাঘাট জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ সভা

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

 সাহিত্য দিৱস উদযাপন হব দৈয়াংৰ কাছমাৰিত

গোলাঘাট ১৯ মাৰ্চ

গোলাঘাট জিলা সাহিত্য সভাই অহা ২৬ মাৰ্চত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাই উদযাপন কৰি অহা সাহিত্য দিৱস গোলাঘাট জিলা সাহিত্য সভাই কাছমাৰি শাখা সাহিত্য সভাৰ উদ্যোগত উদযাপন কৰিব বৃহত্তৰ দৈয়াং অঞ্চলৰ কাছমাৰিত । গোলাঘাট জিলা সাহিত্য সভাৰ আজি অনুস্থিত হোৱা কাৰ্যনিৰ্বাহক সমিতিৰ সভাই সাহিত্য দিৱস কাছমাৰিত উদযাপনৰ সিৰ্দ্ধান্ত গ্ৰহণ কৰে । আজি গোলাঘাট জিলা সাহিত্য সভাৰ মূখ্য কাৰ্যালয় সাহিত্যচাৰ্য চৈয়দ আব্দুল মালিক ভৱনত জিলা সাহিত্য সভাৰ সভাপতি তফজ্জুল হক বৰবৰাৰ সভাপতিত্বত অনুস্থিত সভা খনৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক বন্তি বৰাই । সভাত জিলা সাহিত্য সভাৰ উপ সভাপতি গুনেন বৰা আৰু বিভিন্ন বিভাগীয় সম্পাদক অজিত কুমাৰ দত্ত , আবেদুল চুলতান ,সূনীল কুমাৰ ৰাজগুৰু , জয়ন্তী বৰবৰা , অনন্ত শাইকীয়া , দীপ হেষ্টিংচ বড়ি আদিয়ে নিজ নিজ বিভাগীয় দায়িত্ব গ্ৰহণ কৰি সম্পাদক কেইগৰাকীয়ে আগন্তক বৰ্ষৰ বাবে পৰিকল্পনা সমূহ সদৰী কৰি বক্তব্য প্ৰদান কৰে । সভাত গোলাঘাট জিলা সাহিত্য সভাৰ আভ্যন্তৰীণৰ বিষয়ত কেইবাটাও সিৰ্দ্ধান্ত গ্ৰহণ কৰে ।