ৰহা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

      সমস্ত ভাৰতবৰ্ষৰ লগতে ৰহা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত তথা সমিতিৰ অন্তৰ্গত ৰহা,চাপৰমুখ, বাৰহপুজিয়া,দিঘলদৰী,খাইগঢ,হাৰিয়ামুখ,নিজ মিকিৰ গাঁও সহ ১৪ শাখা শিবিৰৰ সহযোগত অহা ২১জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেন্দ্ৰীয় ভাবে পালনৰ প্ৰস্তুতি চলাই থকাৰ লগতে আজি সন্ধ্যা ৪বজাত ৰহা মহেন্দ্ৰ নাথ হাজৰিকা স্মৃতি ভবনত এখনি সভা অনুষ্ঠিত হয়।সভাত যোগ দিৱস ৰ প্ৰস্তুতি ৰ বিষয়ে আলোচনা কৰা হয়।

ৰহা পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী তথা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় ৰ অধীক্ষক ড° লক্ষীধৰ দাসে জানিবলৈ দিয়ে যে ২১জুনত ৰহা পতঞ্জলি যোগ সমিতিৰ শাখা শিবিৰ সমুহক লগতলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেন্দ্ৰীয় ভাবে পালন কৰাৰ লগতে ৰহা অঞ্চলৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিকক আমন্ত্ৰিত কৰা হব।আজি অনুষ্ঠিত সভাত ৰহা পতঞ্জলি যোগ সমিতিৰ প্ৰাক্তন প্ৰভাৰী কমলচন্দ্ৰ শৰ্মা,যোগগুৰু ৰামনিবাস শৰ্মা,ৰহা মহিলা পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী স্বৰ্নলতা ভূঞা সহ ৰহা পতঞ্জলি যোগ সমিতিৰ ৰ লগতে  বিভিন্ন যোগ শিবিৰৰ পুৰুষ, মহিলা,যুবক যুবতী উপস্থিত থাকে।