অইল ইণ্ডিয়া লিমিটেড, মৰাণৰ এক অবিবেচক কাণ্ডই ইয়াৰ দাঁতিকাষৰীয়া কেইবাখনো গাঁৱত ব্যাপক সমস্যাৰ উদ্ভৱ কৰিছে ৷ মৰাণ অইলৰ পানী ওলাই যোৱাৰ বাবে থকা মূল নলা মৰাণ চাংমাই গাঁৱৰ মাজেৰে পাৰহৈ যোৱা পেটুৱা জানত সংযোগ হৈ আছে ৷ সাধাৰণতে অইল এলেকাৰ পৰা দীৰ্ঘদিন ধৰি অতিৰিক্ত পানী এই নলাৰে পেটুৱা জানত পৰেহি যদিও শেহতীয়াকৈ অইলৰ উৎপাদন বিভাগৰ পৰা কোনো ৰাসায়নিক দ্ৰব্য এই নলাৰে এৰি দিয়াৰ ফলত পেটুৱা জানত বিষক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জানটোৰ পানী খাই গাঁৱৰ বহু লোকৰ হাঁহ-কুকুৰা, গৰু-ছাগলী বিষক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যুমুখতো পৰিছে ৷ তদুপৰি অইলৰ পৰা নিৰ্গমন হোৱা ৰাসায়নিক দ্ৰব্যই কাষৰীয়া অঞ্চলৰ কৃষিপথাৰত ব্যাপক ক্ষতি কৰিছে ৷ অঞ্চলটোৰ ৰাইজ অইলৰ এনে অবিবেচক কাণ্ডত ক্ষুদ্ধ হৈ প্ৰতিবাদমুখৰ হৈ পৰিছে ৷ অইল ইণ্ডিয়া কৰ্তৃপক্ষক এনে অবিবেচক কাণ্ডৰ পৰা আঁতৰি থাকিবলৈ সঁকীয়াই দিছে স্থানীয় ৰাইজে ৷
মৰাণ অইল ইণ্ডিয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ কাষৰীয়া গাঁওবাসীৰ # অইলৰ পৰা নিগৰিত ৰাসায়নিক দ্ৰব্যৰ বিষক্ৰিয়াৰ ফলত কৃষি পথাৰ নষ্ট, ঘৰচীয়া জীৱ-জন্তুৰ মৃত্যু
