আছুৰ ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতি গঠন

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু সোণাৰি বাসীৰ সহযোগত অনুষ্ঠিত হব লগা ১৭ সংখ্যক ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতি গঠনৰ উদ্দেশ্য আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত জিলা ছাত্ৰ সন্থাৰ সভাপতি দিলীপ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰশান্ত দত্ত, কাৰ্যনিৰ্বাহক সদস্য অনুপজ্যোতি ভূঞাৰ লগতে সোণাৰিৰ যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত আগন্তুক ২৬ আৰু এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে ১৭ সংখ্যক ৰঙালী বিহু সন্মিলনখনি সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত সোণাৰিৰ বিশিষ্ট চিকিৎসক পল্লৱ মহন্তক সভাপতি, অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন ৰাজখোৱা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰশান্ত দত্তক কাৰ্যকৰী সভাপতি আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিলীপ বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হয়।