বৰমা : -- কোনে কিমান জুতি লগাই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ খাদ্য খুৱাব পাৰে সেই কথা জনাৰ কাৰনে শুক্ৰবাৰে বাগচা জিলাৰ টিহু বৰমা শিক্ষাখণ্ডৰ ১০ খন বিদ্যালয়ৰ মাজত অনুস্থিত হল শিশু খাদ্য ৰন্ধনৰ প্ৰতিযোগিতা । সকলো বিদ্যালয়ৰ ৰান্ধনী সকলে

শাৰি শাৰিকৈ ৰখা ৰন্ধন খাদ্যৰ এফালৰ পৰা জুতি ললে টিহু - বৰমা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া -বাৰলাংফা মুছাহাৰী, চৰকাৰী খাদ্য সুৰক্ষা বিষয়া ( food sefty officer ) চেখ ৰকিবুল হাচান , জিলা পোষন বিষয়া ললিত বসুমতাৰী কে ধৰি কেবাগৰাকী বিষয়াই ।

প্ৰকৃততে ছাত্ৰ ছাত্ৰী সকলক পুস্তিকৰ খাদ্য কোন খন বিদ্যালয়ে যোগান ধৰে তাৰ ওপৰতে খাদ্যৰ জুতি প্ৰতিযোগিতা অনুষ্ঠিত কৰে শিক্ষা আৰু খাদ্য বিষয়াই ।

প্ৰতিযোগিতাত অংশ গ্ৰহন কৰা ১০ খন বিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান বৰমা উত্তৰ বজাৰ প্ৰা : বি : লাভ কৰাৰ বিপৰীতে দ্বিতীয় ৫৭০ নং বৰমা সুমতি বালিকা প্ৰা : বি : আৰু তৃত্বীয় স্থান লাভ কৰে মধ্য আলাগজাৰ প্ৰা : বিদ্যালয়ে । ৰন্ধন প্ৰনালীত স্বীকৃতি লাভ কৰা বিদ্যালয় তিনিখনক মানপত্ৰ আৰু ট্ৰফিৰে পুৰস্কৃত কৰে টিহু - বৰমা খণ্ড প্ৰাথমিক শিক্ষা খণ্ড আৰু জিলা মিচন সমন্বয়ক কাৰ্য্যালয়ৰ তৰফৰ পৰা ।

উল্লেখ্য যে প্ৰতিযোগিতাত অংশ গ্ৰহন কৰে ১০ খন বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী ,চি আৰ চি চি অমিত কুমাৰ শৰ্মা , পি এম পষোনৰ জিলা আচনি বিষয়া ললিত বসুমতাৰী কে ধৰি কেবাগৰাকী বিষয়া - কৰ্মচাৰীয়ে ।