শনিবাৰে কেৰালাৰ আলাপ্পুজা অঞ্চলৰ সমীপৱৰ্তী আচানকোভিল নৈত এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত দুজন লোক নিহত হোৱাৰ বিপৰীতে আন এজন লোক নিৰুদ্দেশ হয়। 

আৰক্ষীয়ে জনোৱা মতে, নিহত দুজনৰ এজন ১৭ বছৰীয়া আদিত্য আৰু আনজন ৩৯ বছৰীয়া বিনেশ বুলি চিনাক্ত কৰা হৈছে। 

আৰক্ষীয়ে জনোৱা মতে, নিৰুদ্দেশ হোৱা লোকজনৰ সন্ধান অব্যাহত আছে। 

দেওবাৰে পাঠনামথিট্টা জিলাৰ অৰণমুলা শ্ৰী পাৰ্থসাৰথি মন্দিৰৰ সমীপত পম্পা নদীত অনুষ্ঠিত হ’বলগীয়া ‘আৰণমুলা উথৃততথী বল্লমকলি’ (নাও দৌৰ)ত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল নাওখন।

জিলাখনৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, নাওখনত প্ৰায় ৬০ জন লোক আছিল। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত অধিকাংশ নাৱিকে সাঁতুৰি নিৰাপদ স্থানলৈ আহিবলৈ সক্ষম হয়।