চেপন ৭ নং ৰঙামাটি বুথত হাথ ছে হাথ জোড়ো অভিযানত অসম প্ৰদেশ কংগ্ৰেছ কমিটি সাধাৰণ সম্পাদক সুৰুজ দিহিঙ্গীয়াই জনগণ লগত ব্যাপক সৰ্ম্পক গঢ়ি তোলাৰ লক্ষ্যৰে মাহমৰা ব্লক কংগ্ৰেছ কমিটি অন্তৰ্গত চেপন মণ্ডল কংগ্ৰেছৰ ৭ নং ৰঙামাটি বুথত হাথ ছে হাথ জোড়ো অভিযান শুভাৰম্ভ কৰা হয় । উক্ত সভাত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইচলাম হুছেইন, ব্লক কংগ্ৰেছ কমিটি উপ-সভাপতি অলেশ্বৰ কোঁৱৰ, সাধাৰণ সম্পাদক পাৰ্থপ্ৰতীম খনিকৰ , মণ্ডল কংগ্ৰেছৰ সভাপতি উদেশ্বৰ তাঁতী সাধাৰণ সম্পাদক জাকিৰ হুছেইন আৰু দলীয় কৰ্মী সহিতে উপস্থিত থাকে