Aasu Protect Barama ছেবাৰ প্ৰশ্নকাকত ফাদিলক লৈ সমগ্ৰ ৰাজ্যৰ লগতে বৰমাতো বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।বাৰে বাৰে ছাত্ৰ ছাত্ৰীক জীৱনক লৈ হেতালি খেলা ছেবাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল বৰমা আঞ্চলিক ছাত্ৰ সন্থা।বৰমাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু,ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ লগতে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, শিক্ষামন্ত্ৰী হুছিয়াৰ আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

অতিশীঘ্ৰে ব্যৰ্ধ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগৰ লগতে ছেবাৰ অধ্যক্ষ আৰু পৰীক্ষা নিয়ন্ত্ৰকক নিলম্বনৰ দাবী জনাইছে বৰমা আঞ্চলিক ছাত্ৰ সন্থাই।