ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ দেশজুৰি আৰম্ভ কৰা বুথ সৱলীকৰণ অভিযানৰ অংশস্বৰূপে আজি ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলা সমিতিৰ অন্তৰ্গত জোনাই সমষ্টিৰ চিচিবৰগাঁও মণ্ডলৰ চ ২ নং শক্তিকেন্দ্ৰৰ ২৯৩ নং বুথত বুথ সভা অনুস্থিত হয়।

উক্ত সভাত উপস্থিত থাকে জিলাৰ অল্পকালীন বিস্তাৰক তথা জিলা অনুসূচিত জনজাতিৰ মৰ্চাৰ সভাপতি শ্ৰী বিনন্দ সোনোৱাল ডাঙৰীয়া, জিলা 

 সামাজিক মাধ্যম কোষৰ আহ্বায়ক শ্ৰী পূৰ্ণ কান্ত চুতীয়া ডাঙৰীয়া, জিলা অনুসূচিত জনজাতিৰ মৰ্চাৰ সামাজিক মাধ্যম কোষৰ আহ্বায়ক শ্ৰী অবিনাশ শইকীয়া লগতে চিচিবৰগাঁও মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰীযুত ভূপেন চুতীয়া ডাঙৰীয়া,বুথৰ সন্মানীয়া সভানেত্ৰী শ্ৰীমতী পূণ্যলতা ভূঞা ডাঙৰীয়ানী লগতে বুথৰ সন্মানীয় কাৰ্যকৰ্তা সকল।