মৌলবাদী জেহাদীৰ বিৰুদ্ধে আজি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ওদালগুৰি জিলা সমিতিয়ে পানেৰী আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে ৷ প্ৰতিবাদী কৰ্মকৰ্তাসকলে হাতে হাতে বেনাৰ, প্লে’কাৰ্ড লৈ মৌলবাদী হুঁচিয়াৰ, শংকৰ আজানৰ দেশত মৌলবাদৰ স্থান নাই, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ জিন্দাবাদ আদি ধ্বনিৰে পানেৰী উত্তাল কৰি তোলে ৷

কাৰ্যসূচীত ওদালগুৰি জিলা সমিতিৰ সভাপতি ফাইজুল হুছেইনে কয় অসমত মৌলবাদৰ কোনো ধৰনৰ স্থান নাই আৰু ভবিষ্যতে স্থান নেদিও আৰু অসম আৰক্ষীক এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰিব বুলি দৃঢ়তাৰে কয় । ইছলামিক মৌলবাদীয়ে যাতে অসমত মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে অসম আৰক্ষীক কঠোৰ হোৱাৰ বাবে আহ্বান জনাই সংগঠনটোৱে পানেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে ৷