জিলা সাহিত্য সভাৰ ৪৭ সংখ্যক অধিবেশনৰ আদৰণি সমিতিৰ পূৰ্ণাঙ্গ ৰূপ প্ৰদান আৰু অধিবেশনৰ খচৰা প্ৰস্তুত কৰণ সম্পৰ্কে ৰাজহুৱা সভা এখন মঙ্গলবাৰে সম্পন্ন হয় । দৰং জিলা সাহিত্য সভাৰ ৪৭ সংখ্যক অধিবেশনখনি সৰাবাৰী সাহিত্য সভাৰ আতিথ্যত আগন্তুক ২০২৩ বৰ্ষৰ ৭ আৰু ৮ জানুৱাৰীত অনুষ্ঠিত হ'ব । সেই উপলক্ষে ইতিমধ্যে ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীক সভাপতি হিচাপে লৈ আদৰণি সমিতি গঠন কৰা হৈছে। সোমবাৰে বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত আদৰণি সমিতিৰ পূৰ্ণাঙ্গ ৰূপ প্ৰদান আৰু সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধিবেশনৰ খচৰা প্ৰস্তুত কৰণৰ উদ্দেশ্যে ৰাজহুৱা সভা এখন অনুষ্ঠিত হয়। আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি লংকেশ্বৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামী, ধনভড়ালী কেশৱ চন্দ্ৰ চহৰীয়া, জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মুকুট চন্দ্ৰ হাজৰিকা, মঙলদৈ সাহিত্য সভাৰ সম্পাদক কালিন্দ্ৰ বৰুৱাই অংশগ্ৰহণ কৰে । বিধায়ক গৰাকীয়ে দৰং জিলা সাহিত্য সভাৰ ৪৭ সংখ্যক সৰাবাৰী অধিবেশনখনি সৰ্বাঙ্গসুন্দৰ কৰি তুলিবলৈ সৰ্বতোপ্ৰকাৰে সহযোগ কৰিব বুলি আশ্বাস প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भगवान झूलेलाल का चंद्र दर्शन कार्यक्रम धूमधाम से मनाया आहूजा
श्री झूलेलाल विकास समिति द्वारा हर महीने चंद्र दर्शन कार्यक्रम आज धूमधाम से मनाया गया गणेश तलाव...
IPL 2023: Once again, Suryakumar demonstrates why he is so challenging to bowl to – Newzdaddy
Mumbai India's all-star batsmen are back in form, but their bowlers are still leaking runs. They...