মাধ্যম কেতিয়াও শিক্ষাৰ অন্তৰায় হ'ব নোৱাৰে। যি মাধ্যমতে অধ্যয়ন নকৰক কিয়, ভালদৰে অধ্যয়ন নকৰিলে কোনো ছাত্ৰ ছাত্ৰী কেতিয়াও সফল হ'ব নোৱাৰে। ইংৰাজী মাধ্যমত অধ্যয়ন কৰা বহু ছাত্ৰ ছাত্ৰীয়ে ইংৰাজীত ভালকৈ কথা ক'ব নাজানে, বাক্য এটাও শুদ্ধকৈ লিখিব নাজানে। ইয়াৰ পৰিবৰ্তে অসমীয়া মাধ্যমত অধ্যয়ন কৰা বহু ছাত্ৰ ছাত্ৰীৰ ইংৰাজীত দখল বেছি থকা দেখা গৈছে।

গতিকে মাতৃভাষাত অধ্যয়ন কৰা সকলে অনাহকত হীনমন্যতাত ভোগাৰ প্ৰয়োজন নাই'- এই ভাষ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম হিউষ্টন ষ্টেট ইউনিভাৰচিটিৰ অধ্যাপক ডঃ হিৰণ্য কুমাৰ নাথৰ। মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে---, দৰং, অসম' আৰু 'য়ুথ ক্লাব, মঙলদৈ'ৰ উদ্যোগত য়ুথ ক্লাব প্ৰেক্ষাগৃহত আজি হোৱা অন্তৰংগ আলাপত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী 'মানুহে মানুহৰ বাবে---' শীৰ্ষক গীতটিৰে আৰম্ভ হোৱা এই আলাপত তেওঁ কয়, কলেজ, বিশ্ববিদ্যালয়ৰ তুলনাত প্ৰাথমিক আৰু মাধ্যমিক পৰ্য্যায়ত পাঠদান কৰাটো যথেষ্ট কষ্টকৰ। কিন্ত্ত সেই হিচাপত আমাৰ দেশত এই শিক্ষক সকলক দা দৰমহা বেছিকৈ প্ৰদান কৰা নহয়। অথচ ফিনলেণ্ডকে ধৰি কেইবাখনো উন্নত দেশত এই শিক্ষক সকলৰ দৰমহাকে ধৰি বিভিন্ন সা সুবিধা পৰ্যাপ্ত।

শিক্ষকতা এক কলা বুলি উল্লেখ কৰি তেওঁ কয়, ভাল ভাল ছাত্ৰ ছাত্ৰীক পঢ়োৱাত শিক্ষকৰ বেছি কৃতিত্ব নাই। তাতোকৈ পঢ়াত দুৰ্বল ছাত্ৰ ছাত্ৰীক সঠিক পথত লৈ আহিব পৰাটোৰ দৰে সুখ এজন শিক্ষকৰ আন একো হ'ব নোৱাৰে। তেওঁ আলাপত 'মোবাইল মানৱ জীৱনৰ কাৰণে এক আশীৰ্বাদ' বুলি উল্লেখ কৰি কয়, ইয়াৰ জৰিয়তে আমি বিশ্ব ব্ৰহ্মাণ্ড খন হাততে পাইছো। কিন্ত্ত ইয়াৰ ব্যৱহাৰ নাজানিলে ই আকৌ জীৱনৰ কাৰণে অভিশাপ হ'ব পাৰে। তেওঁ অধ্যয়নৰ লগতে দৈনদ্দিন শাৰিৰীক পৰিশ্ৰম, ব্যায়াম আদি কৰি থাকিলে সুস্থ হৈ জীৱন যাপন কৰিব পাৰি বুলি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কয়।

'মানুহে মানুহৰ বাবে--- দৰং, অসম'ৰ সম্পাদক গণেশ দত্তই আঁত ধৰা এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰী ক্ৰমে নিলীম দাস, প্ৰীতি শ্ৰদ্ধা বৰুৱা, ৰাকেশ বৰুৱা, নয়নমণি বৰুৱা, অংশুমান বৰুৱা, ৰূপজ্যোতি বৰা, শিক্ষক মইনুল হক শইকীয়া, শিল্পী প্ৰাঞ্জল শৰ্মাই উত্থাপন কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ সাৱলীল ভাৱে ডঃ হিৰণ্য কুমাৰ নাথে দিয়ে। কনমাণি ছাত্ৰী প্ৰীতি শ্ৰদ্ধা বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা এই অনুষ্ঠানত শিক্ষয়িত্ৰী অনামিকা ৰয় হাজৰিকাই কবিতা, জোনাক নীবিড় কাশ্যপে গীত, অধ্যাপক ডঃ দুলাল হাজৰিকা, সভাপতি আনোৱাৰ হুছেইনে চমু ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত য়ুথ ক্লাবৰ কাৰ্যকৰী সভাপতি গিৰীশ চন্দ্ৰ ডেকা, সাহিত্যিক হৰি চন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰফিক আহমেদ, অধ্যাপিকা ডঃ লীনা শইকীয়া, দৰং জিলা সাহিত্য সভাৰ উপসভাপতি বৰদা শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যক্ষা কুঞ্জ দেৱী, অৱসৰপ্ৰাপ্ত শিক্ষক বাসৱ চন্দ্ৰ ডেকাকে ধৰি শতাধিক লোক উপস্থিত থাকে।