বিদ্যা ভাৰতী সংবদ্ধ শিশু শিক্ষা সমিতি,অসমৰ অন্তৰ্ভুক্ত বৰ্ষ ১৯৯৮ চনত স্থাপিত ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতন ২৪ টা গৌৰবপুৰ্ন বৰ্ষ অতিক্ৰম কৰি ২০২২-২৩বৰ্ষটি ৰূপালী জয়ন্তী বৰ্ষ ৰূপে পালন কৰি অহাৰ লগতে ২০২৩ বৰ্ষ ৰ ৮ আৰু ৯ এপ্ৰিল ত দুই দিনীয়া বিস্তৃত কাৰ্যসূচী ৰে ৰূপালী জয়ন্তী সামৰনি অনুষ্ঠান আয়োজনৰ প্ৰস্তুতি ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ দ্বাৰা চলাই থকা হৈছে।

        উদযাপন সমিতিয়ে জানিব দিনা মতে ৰূপালী জয়ন্তী ৰ প্ৰথম দিন ৮ এপ্ৰিল ৰ পূবা ৯ বজাত বন্তি প্ৰজ্বলন আৰু পতাকা উওোলনৰে দুই দিনীয়া কাৰ্য্য সূচী ৰ  শুভাৰম্ভ কৰাৰ লগতে ১০ বজাত বাৰেবৰনীয়া সাংস্কৃতিক শুভাযাত্ৰা,১১বজাত প্ৰদৰ্শনী দ্বাৰ উন্মোচন, ২বজাত শৈক্ষিক সভা আৰু বিয়লী ৪.৩০বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। সাংস্কৃতিক অনুষ্ঠান ৰ মুখ্য আকৰ্ষণ হব বেহাৰবাৰী আউট পোষ্টৰ অভিনেতা কে কে আৰু মোহন।

ৰূপালী জয়ন্তী ৰ দ্বিতীয় দিন ৯ মাৰ্চৰ পূবা ৮ বজাত চৌহদ নিকাকৰণ,৯ বজাত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা, ১০ অন্তৰংগ আলাপ অনুষ্ঠান আৰু বিয়লী ২ বজাৰ পৰা মুকলি সভা আৰু ৪.৩০ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। সাংস্কৃতিক অনুষ্ঠান ৰ মুখ্য আকৰ্ষণ হব জনপ্ৰিয় কন্ঠশিল্পী ড° সংগীতা কাকতি,বিপুল কাথাৰ আৰু কমল কটকী।

 দুই দিনীয়া ৰূপালী জয়ন্তী সূচাৰু পৰিচালনাৰ বাবে ৰহা ৰ বিধায়ক শশীকান্ত দাস ক সভাপতি, ডম্বৰুধৰ শৰ্মাক কাৰ্য্যকৰী সভাপতি, বিনোবা ৰাজবংশী, বুলন নাথ,উত্তম দাস আৰু প্ৰহ্লাদ মচৰংক উপ সভাপতি, সোমেশ্বৰ বৰদলৈ,প্ৰফুল্ল দাসক সম্পাদক,মৃদুল হাজৰিকা আৰু কংকন বৰুৱা ক সহ সম্পাদক হিচাপে লৈএখনি উদযাপন সমিতি আৰু বিভিন্ন বিভাগৰ উপ সমিতি গঠন কৰা হৈছে।

    ৰূপালী জয়ন্তী উদযাপন সমিতিয়ে সমুহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগীতা ৰ কামনা কৰিছে।