মঙ্গলদৈ:গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ আৰছেটি দৰং ৰ ১নং বেজপাৰা স্হিত নিজা প্ৰশিক্ষণ কেন্দ্ৰত যোৱা ১৭ ফেব্ৰুৱাৰী তাৰিখে  এটি ১০ দিনীয়া "পাপৰ,আছাৰ আৰু মছলা পাউদাৰ প্ৰস্তুতৰ প্ৰশিক্ষণ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে কলাইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত ঔতলা গাওঁ পঞ্চায়তৰ সভাপতি কৌশিক ডেকাই। তেওঁ প্ৰশিক্ষণ উদ্বোধন কৰি "পাপৰ,আছাৰ আৰু মছলা পাউদাৰ প্ৰস্তুতৰ  জৰিয়তে স্বাবলম্বী হোৱাৰ উপযোগিতা তথা বেঙ্কৰ বিভিন্ন দিশ সমূহ আলোকপাত কৰি প্ৰশিক্ষাৰ্থী সকলক শুভেচ্ছা জ্ঞাপন কৰে।  লিজ্জত পাপৰৰ সফলতা কাহিনীৰে প্ৰশিক্ষাৰ্থী সকলক উৎসাহিত কৰে। আৰছেটিৰ সঞ্চালক বিজয় শৰ্মাই প্ৰশিক্ষাৰ্থী সকলৰ সৰ্বাংগীন বিকাশৰ হেতু স্বনিয়োজনৰ ক্ষেত্ৰত আৰছেটিৰ ভুমিকা সম্পৰ্কে  অৱগত কৰে। জ্যেষ্ঠ প্ৰশিক্ষক কিশোৰ কুমাৰ শৰ্মাই আতঁ ধৰা অনুষ্ঠানটিত প্ৰশিক্ষক মানৱেন্দ্ৰ শৰ্মা আৰু অন্যান্য কৰ্মচাৰী বৃন্দ উপস্থিত থাকে।  উল্লেখযোগ্য যে ঔতলা গাওঁ পঞ্চায়ত এলেকাৰ ২৪ গৰাকী মহিলা যুৱতীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰি উত্তীৰ্ণৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হয়। যোৱা ২৮ ফেব্ৰুৱাৰী ত সামৰণি পৰা প্ৰশিক্ষণ কাৰ্যসূচীত কাৰিকৰী দিশ সমূহ আগবঢ়ায় পাৰদৰ্শী  ব্যক্তি মীনাক্ষী গোস্বামীয়ে।