ঐতিহাসিক ২৪ ফেব্ৰুৱাৰী ৰ ১৯৬১ চনৰ আজিৰ দিনত বিশিষ্ট মানৱ অধিকাৰ কৰ্মী তথা মাছৰ প্ৰতিষ্ঠাপক সচিব প্ৰধান,সংবাদ জগতৰ উজ্জ্বল নক্ষত্ৰ সাংবাদিক পৰাগ কুমাৰ দাস ৰ জন্ম হৈছিল।মাছ কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকাই আজি প্ৰেছ বাৰ্তা যোগে পৰাগ কুমাৰ দাস ক তেওঁৰ জন্মদিন ত শ্ৰদ্ধাৰে স্মৰণ কৰি কয় যে এই মহান ব্যক্তিয়ে শোষিত নিপীডিত জনগনৰ সন্মান আৰু মৰ্যাদা সহকাৰে জিয়াই থকাৰ বাবে আপোচ বিহীন সংগ্ৰাম গঢ়ি তুলিছিল আৰু নতুন প্ৰজন্মক আদৰ্শ ৰূপে গঢ়ি তুলিবলৈ আহ্বান জনাই।