গোলাঘাটৰ থানা ৰোড চাৰিআলিত আজি সন্ধিয়া এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ।নিজৰ চৰকাৰি কোৱাৰ্টাৰত চিপ লৈ ওলমি থকা অৱস্থাতগোলাঘাটৰ আৰক্ষী অধীক্ষকৰ দেহৰক্ষীৰ।৩৭ বছৰীয়া ৰাকেশ ৰয় নামৰ আৰক্ষী কনিষ্টবলজনৰ মৃতদেহ উদ্ধাৰ হয় ৷ জানিবপৰামতে

 বিগত কেইবাদিনো ধৰি ৰাকেশৰ পত্নী আৰু সন্তান নিজ পিতৃগৃহত আছিলগৈ ।আজি দুপৰীয়াৰ ভাগত পত্নীৰ সঘন ফোনৰ কোনো উত্তৰ নহাত পত্নী সামান্য চিন্তিত হৈ তেওঁৰ সহকৰ্মীক যোগাযোগ কৰে।কিন্তু তাৰ পাছতো নিজ স্বামীৰ কোনো সুংশুত্ৰ নাপাই পত্নী ববী ঘৰলৈ উভটি আহে ।

 সন্ধিয়া প্ৰায় ৫:৩০ মান বজাত ঘৰলৈ উভটি আহি স্বামীক ফেনত চিপ লৈ উলমি থকা প্ৰত্যক্ষ কৰে।ঘটনাক লৈ চাঞ্চল্য‌ই বিৰাজ কৰে আৰক্ষীৰ ভিতৰতচ'ৰাত।বহু বছৰৰ পৰাই মৃত ৰাকেশ ৰয় গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ দেহৰক্ষী হিচাপে কৰ্মৰত আছিল ।

 ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই সন্দৰ্ভত আজি গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰমণদ্বীপ কৌৰে সাংবাদিকক কয়যে ৰাকেশে হয়তো ধাৰৰ বোজা সহিব নোৱাৰি এনে পন্থা গ্ৰহণ কৰিলে ৷ সমগ্ৰ ঘটনাটো তদন্তৰ পিছতহে পোহৰলৈ আহিব বুলি তেওঁ জানিবলৈ দিয়ে ৷ ::