*সৰুপথাৰত বিদ্যুৎচালিত তাঁতশালত উৎপাদিত গামোচা, মেখেলা চাদৰ আদিৰ বিৰুদ্ধে অভিযান*

গোলাঘাট, ১৫ মাৰ্চ : গোলাঘাট জিলাৰ উপায়ুক্তই গঠন কৰি দিয়া বলৱৎকাৰী স্কোৱাডে আজি ধনশিৰি মহকুমাৰ সৰুপথাৰৰ কেইবাখনো বস্ত্ৰ বিপনীত বিদ্যুৎচালিত তাঁতশালত উৎপাদিত গামোচা, মেখেলা চাদৰ আদিৰ আমদানি, মজুতকৰণ আৰু বিক্ৰীৰ বিৰুদ্ধে অভিযান চলায় । ধনশিৰি মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ সুতৃষ্ণা বৰদলৈৰ নেতৃত্বত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ, গোলাঘাটৰ অধীক্ষক ফকৰুদ্দিন আহমেদ, বিক্ৰী কৰ বিভাগৰ পৰিদৰ্শক চুজু কুমাৰ বাগলাৰী, ৰেচম বিভাগ আৰু আৰক্ষীৰ এটা যুটীয়া অভিযানকাৰী দলে সৰুপথাৰৰ কেইবাখনো বস্ত্ৰ বিপনীত অভিযান চলাই বিদ্যুৎচালিত তাঁতশালত উৎপাদিত প্ৰায় ১০০ খন গামোচা জব্দ কৰে । উল্লেখযোগ্য যে এই অভিযানৰ উদ্দেশ্য হৈছে পৰম্পৰাগত বয়ন শিল্পৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু বিদ্যুৎচালিত তাঁতশালত উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰ ব্যৱহাৰ বন্ধ কৰা যাতে স্থানীয় শিপিনীসকলৰ দ্বাৰা উৎপাদিত গামোচা, মেখেলা চাদৰ আদিয়ে উচিত মূল্য আৰু বজাৰ লাভ কৰে ।