বিজ্ঞান বিভাগৰ প্ৰশ্ন কাকত আজি জব্দ কৰিলে মৰাণ আৰক্ষীয়ে। উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতে ছেবা বৰ্ডে পৰীক্ষা বাতিল কৰিছিল। তাৰ পাছৰে পৰা।চি ,আই,ডি, বিভাগে সমগ্ৰ ৰাজ্যতে প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ তদন্ত আৰম্ভ কৰি ইতিমধ্যে কেইবাজনকো আটক কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।এই প্ৰশ্নকাকত ফাদিল হোৱাৰ তদন্তৰ বাবে ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত দুটাকৈ পৰীক্ষা কেন্দ্ৰ মৰাণ পাব্লিক হাইস্কুল আৰু মৰাণ আৰচি হাইস্কুলৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত জব্দ কৰিলে মৰাণ আৰক্ষীয়ে।
মেট্ৰি কৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ তদন্তৰ বাবে মৰাণ পৰীক্ষা কেন্দ্ৰৰ বিজ্ঞান বিভাগৰ প্ৰশ্ন কাকত আজি জব্দ মৰাণ আৰক্ষীৰ।
