হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত ছেবাই সোমবাৰে বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰাৰ পিছত এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। ছাত্ৰ ছাত্ৰীৰ শিক্ষা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটো সুকলমে অনুষ্ঠিত কৰিব নোৱাৰা ছেবাৰ লগতে শিক্ষা বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিল শিক্ষামন্ত্ৰীৰ পুত্তলিকা। মৰান আঞ্চলিক ছাত্ৰ সন্থাই মৰান police point সমীপত NH37 ত শিক্ষামন্ত্ৰী ড°ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি প্ৰশ্নকাকত ফাদিলৰ এই কাণ্ডৰ লগত জড়িত অপৰাধীক গ্ৰেপ্তাৰ আৰু ইয়াৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰী ৰ পদত্যাগৰ দাবী উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে