হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ পিছত ছেবাই সোমবাৰে অনুষ্ঠিত হব লগা বিজ্ঞান পৰীক্ষা বাতিলৰ পিছত পৰীক্ষাৰ্থীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে।একাংশ পৰীক্ষাৰ্থীয়ে পুৱা পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ পিছতহে তেওঁলোকৰ বিজ্ঞান পৰীক্ষা বাতিল হোৱাৰ কথা অৱগত হয় মৰাণৰ পৰীক্ষা কেন্দ্ৰত পুৱা পৰীক্ষা দিবলৈ অহা ছাত্ৰ ছাত্ৰী ছেবাৰ বিৰুদ্ধে ক্ষোভ উজাৰে।বিজ্ঞান পৰীক্ষাৰ বাবে ৰাতি এপৰলৈকে পঢ়ি সাজু হৈ অহা ছাত্ৰ ছাত্ৰীয়ে এতিয়া অন্য বিষয়ৰ পৰীক্ষাৰ বাবে সাজু হব নে বিজ্ঞান বিষয়ৰ বাবে সাজু হব তাকলৈ বিপাঙত পৰা পৰিলক্ষিত হৈছে।একাংশ পৰীক্ষাৰ্থীয়ে বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ বাবে সাজু হবলৈ ছেবাই ছাত্ৰ ছাত্ৰীসকলক কিছু সময় দিবলৈ আহ্বান জনোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ হেতালি নেখেলিবলৈ আহ্বান জনায়। 

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं