টিংখাঙৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাৰ নিজা সমষ্টিৰ বাসগৃহত আজি ডিব্ৰুগড় জিলাৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰী,অভিযন্তা তথা নিৰ্মাণ কাৰ্যত জড়িত ব্যক্তি সকলৰ সৈতে এক পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত 'জল জীৱন মিছন' আঁচনিৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী বিমল বৰাই।

লগতে 'হৰ ঘৰ জল'ক সাকাৰ ৰূপ দিয়াৰ ক্ষেত্ৰত জন স্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰী, অভিযন্তা তথা নিৰ্মাণ কাৰ্যত জড়িত ব্যক্তি সকলক নিষ্ঠাপূৰ্ণ ভাৱে সেৱা আগবঢ়ায় অতি শীঘ্ৰে কাম সম্পাদন কৰি তুলিবলৈ আহ্বান জনায। উক্ত পৰ্যালোচনা সভাত জন স্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা বিষয়া অৰূপ শইকীয়া, বিভিন্ন কৰ্মচাৰী, অভিযন্তাৰ লগতে সমষ্টিৰ বিধায়ক প্ৰতিনিধি সকল উপস্থিত থাকে।