সোণাৰিত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ২৫ সংখ্যক মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

সোণাৰিত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ২৫ সংখ্যক মৃত্যু তিথিত স্বনামধন্য সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ। ১৯২৪ চনৰ ১৪ অক্টোবৰত চফ্ৰাই চাহ বাগিচাত জন্ম গ্ৰহণ কৰা ড০ ভট্টাচাৰ্যই অসমীয়া জাতীয় জীৱনক নিজ সাহিত্য সৃষ্টিৰে উজ্জীৱিত কৰি গৈছে। ১৯৬০ চনতে সাহিত্য একাডেমী বঁটা প্ৰাপক ড০ ভট্টাচাৰ্যই "মৃত্যুঞ্জয়"উপন্যাসৰ বাবে ১৯৭৯ চনত প্ৰথমবাৰৰ বাবে অসমলৈ জ্ঞানপীঠ বঁটা আঁজুৰি আনিছিল।এইগৰাকী মহান মনিষীৰ পূৰ্ণাৱয়ব এটি প্ৰতিমূৰ্তি চফ্ৰাইবাসী ৰাইজে যোৱা ২০১২ চনৰ ২৫ নৱেম্বৰত চফ্ৰাই বাগিচা আদৰ্শ উচ্চ ইংৰাজী বিদ্যালয়ৰ চৌহদত প্ৰতিষ্ঠা কৰে।আজি তেখেতৰ মৃত্যু তিথিত প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি,মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে স্মৰণ কৰা হয়।এই অনুষ্ঠানত চফ্ৰাই বাগিচা আদৰ্শ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপ-সভাপতি তথা যুৱ সমাজকৰ্মী কপিল চেতিয়া, ত্ৰিনয়ণ চাংমাই,বিদ্যালয়খনৰ কৰ্মচাৰী কুন্দন উৰাং আৰু স্থানীয় সংবাদদাতাৰ লগতে চফ্ৰাই এম.ভি স্কুলৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।