ৰহা নিকটবৰ্তী বাৰহপূজীয়া সাৰ্বজনীন মঠৰবৰী থানত ৬মাৰ্চৰ পৰা ৬দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোবা ১২০তম্ শ্ৰীকৃষ্ণ দৌল মহোৎসৱ ৰ শনিবাৰে সম্পন্ন হৈ আৰু সমস্ত ক্ষেত্ৰ হৰিনামৰে মুখৰিত হয়।
দৌল মহোৎসৱ ৰ অন্তিম দিনা শনিবাৰে পূবা প্ৰাত:প্ৰসংগ, পৰিবেশ নিকাকৰণ আৰু আঞ্চলিক আই সকলৰ দ্বাৰা নাম কীৰ্তন অনুষ্ঠিত হোবাৰ পাছত বিয়লী শতাধিক পুৰুষ মহিলা যুবক যুবতী দ্বাৰা নাম কীৰ্তন ৰে নৃত্য আৰু ফাকুবা খেলি দৌলৰ পৰা কীৰ্ত্তন ঘৰলৈ শ্ৰীমদ্ভগৱত লৈ গৈ স্থাপন কৰি ৬দিনীয়া দৌল মহোৎসৱ ৰ সমাপন কৰা হয় আৰু সমস্ত ক্ষেত্ৰ নামকীৰ্তন আৰু হৰিনামেৰে ভক্তিময় কৰি তুলে।ৰাতি স্বৰ্গীয় ৰবিন নাথৰ সোঁৱৰণত হেঙুল হাইতাল,ৰহা নাট্য গোষ্ঠীৰ দ্বাৰা নাট্যনুষ্ঠান মা কচম অনুষ্ঠিত হয়।