১৯৯৪চনত শিশু ৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ দ্বাৰা ২৯ বছৰে শিশু সকলৰ সৰ্বাংগীন বিকাশ সাধন আৰু প্ৰাকৃতিক সুৰক্ষা ৰ বাবে বাবে বিভিন্ন পদক্ষেপ গ্ৰহন কৰি অহাৰ ক্ৰমত আজি বাৰহপূজীয়া আঞ্চলিক সমিতিৰ দ্বাৰা খাপলাংকুছী প্ৰাৰ্থমিক বিদ্যালয় ত শিশুপ্ৰীয় তথা কবিতা ঘৰ অসমৰ প্ৰধান পৰিচালক অবনি কুমাৰ শইকিয়াৰ পৰিচালনাত গ্ৰন্থ ৰ শিক্ষাৰ লগতে চিত্ৰকলা,গীত,নৃত্য ৰ লগতে প্ৰাকৃতিক সুৰক্ষা ৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে ৰে অনুষ্ঠিত কৰ্মশালাত কন কন শিশু সকলৰ দ্বাৰা কবিতা পাঠ আৰু গীত পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।কৰ্মশালাত বিশিষ্ট সাংবাদিক বিৰিঞ্চি ডেকা,কবিতা ঘৰ,অসমৰ প্ৰধান সম্পাদক ৰন্টু মুদৈ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰী আস্থা নন্দিনী মুদৈ উপস্থিত থাকি সাৰুবা বক্তব্য ৰাখি শিশু সকলক উৎ,সাহিত কৰে।
লগতে কবিতা ঘৰে খালি বহি থকা সময়ত মোবাইল ৰ ব্যবহাৰ নকৰি গ্ৰন্থ আৰু বাতৰি কাকত পঢাৰ আনন্দ শিৰ্ষক অভিযান আৰম্ভ কৰে।কৰ্মশালাত অবিভাবক,অবিভাবিকা ৰ লগত কন কন শিশু উপস্থিত থাকে।