বিহুক বিশ্ব দৰবাৰত। প্ৰতিষ্ঠা কৰাৰ লগতে গিনীজ বুক অৱ ৰেকৰ্ড বনাই অভিলেখ গঢ়াৰ বাবে আগন্তুক ১৪ এপ্ৰিলত দহৰ।পৰা পোন্ধৰ হেজাৰ ঢুলীয়া আৰু নাচনীয়ে ।একেলগত বিহু সাজত বিহু প্ৰদৰ্শনৰ প্ৰস্তুতি ইতিমধ্যে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰয়াসক আদৰণি জনাই আজি দিহাজানত আছাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দেৱেন ওৰাঙে। তেওঁ কয় যে , বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাটোতকৈ অধিক গৌৰৱৰ কথা কিহ'ব পাৰে অসম আৰু অসমীয়াৰ বাবে। অহা ১৪ এপ্ৰিলত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ উপস্থিতিত যি চৈধ্য হেজাৰ ঢুলীয়া নাচনীৰে বিহু প্ৰদৰ্শনৰ প্ৰয়াস।কৰিছে আৰু কেবিনেট সমিতি গঠন কৰিছে য'ত সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰা আছে, তাক আমি আদৰণি জনাইছো