ৱাশ্বিংটন, ০৬ আগষ্ট। আমেৰিকাৰ নিউ মেক্সিকোত এক পেৰেডত এছইউভি প্ৰৱেশ কৰাৰ ফলত কেইবাজনো লোক আহত হয়। আহতসকলৰ ভিতৰত দুজন আৰক্ষী বিষয়াও আছে।

পেৰেড চাবলৈ অহা দৰ্শকে কৰা ভিডিঅ'ত পেৰেডৰ বিপৰীত দিশত তীব্ৰবেগী এখন বৃহৎ বাহন আহি থকা দেখা গৈছে। পৰম্পৰাগত নৃত্য পৰিবেশন কৰা যুৱক–যুৱতীসকলৰ ফালে এই বাহনখন গৈ থকা যেন প্ৰত্যক্ষ কৰিছিল।

ইয়াৰ পিছত উপস্থিত ৰাইজৰ মাজত হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছিল। ইফালে এছ ইউ ভিখনে আৰক্ষীৰ বাহনত খুন্দা মাৰে আৰু পাৰ্কিং লটত খুন্দা মাৰে। ইয়াৰ পিছতে আৰক্ষী বিষয়াই বাহনখন ঘেৰাও কৰি বাহনখনত বহি থকা কমেও দুজন লোকক আটক কৰে।