# ঢকুৱাখনাত ঐতিহাসিক ফাটবিহুৰ প্ৰস্তুতি তুংগত #
অসমৰ সাংস্কৃতিক জগতত অন্য এক সুকীয়া পৰিচয় বহন কৰা তথা আকৰ্ষণীয় ঢকুৱাখনাৰ চিৰ প্ৰবাহিত চাৰিকড়ীয়া নদীৰ পাৰত ঐতিহাসিক “ফাটবিহু”ক লৈ এতিয়া উখলমাখল পৰিবেশে বিৰাজ কৰিছে৷ অহা ১২,১৩ আৰু ১৪ মে’( অসমীয়া ২৮,২৯ আৰু ৩০ ব’হাগ) ২০২৩ তাৰিখে তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ম’হঘূলি চাপৰিৰ বাকৰিত অনুষ্ঠিত হৱ৷তাকে লৈ এতিয়া সমগ্ৰ ঢকুৱাখনাবাসীৰ লগতে বিহু তলিত প্ৰস্তুতি তুংগত কৰিছে৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত পতাকা উত্তোলন কৰিব সভাপতি,ফাটবিহু সমিতিৰ বসন্ত শইকীয়া,ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰিব উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱা,১১ বজাত বিহুদল সমূহলৈ আদৰণি৷১১-৩০ বজাত মঞ্চ মুকলি কৰিব ড° কেশৱ হাজৰিকা,বিষয় শিক্ষক ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়৷দুপৰীয়া ১২ বজাত টকা বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব জনপ্ৰিয় অভিনেত্ৰী মৗঃনাম স্মৃতি পেগুৱে৷বিয়লি ২-৩০ বজাত চেমনীয়া হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰিব বিহুৱা জিতেন দাস ডাঙৰীয়াই৷দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত কপৌফুল আৰু গছ পুলি ৰোপণ কৰিব প্ৰকৃতিবিদ দেৱজিৎ ফুকন দেৱে৷ইয়াৰ পিছতে পুৱা ১০ বজাত গামোচা প্ৰতিযোগিতা উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী লাৱণ্য শইকীয়াই৷পুৱা ১১ বজাত বিহুদল সমূহক আদৰণি৷দুপৰীয়া ভাগত পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা( সকলো জাতি জনগোষ্ঠীৰ বাবে)উদ্বোধন কৰিব বিশিষ্ট বিহুৱা খগেন গগৈ৷বিয়লি ১ বজাত ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ “ বিহুৱান” খনি উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে৷ইয়াৰ পিছতে কৃৰ্তী বিহুৱা-বিহুৱতী আৰু কৃষক সম্বৰ্দ্ধনা অনুষ্ঠানখন উদ্বোধন কৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী,অসম ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই৷বিয়লি ৩ বজাত পুনৰ পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিয়োগিতা আৰম্ভ৷ তৃতীয় দিনা অৰ্থাৎ শেষৰটো দিনা পুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী, দুপৰীয়া ১২ বজাত মুকলি বিহু প্ৰতিযোগিতাখন উদ্বোধন কৰিব লোকশিল্পী একলব্য গাম৷বিয়লি ২ বজাত মুকলি সভাখন উদ্বোধন কৰিব বিশিষ্ট অভিনেত্ৰী মাধুৰীমা চৌধুৰী বাইদেউ৷ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্ব বহা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰথম বাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া৷বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু,সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক নৱকুমাৰ দলে,অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা৷নিদিষ্ট বক্তা হিচাপে বিশিষ্ট সাহিত্যিক তথা গীতিকাৰ ডাঃ অঞ্জনজ্যোতি চৌধুৰী,আমন্ত্ৰিত অতিথি বিশিষ্ট অনাতাঁৰ শিল্পী চৈয়দ ছাদুল্লা,মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া,বিশিষ্ট লোকশিল্পী বিদ্যাসাগৰ দেউৰী,সাংবাদিক তথা সাংস্কৃতিক কৰ্মী মজিন সোনোৱাল,লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱান,আৰক্ষী অধীক্ষক ড° বেদান্ত মাধৱ ৰাজখোৱা আৰু ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্তিক কলিতাদেৱে৷তিনিওটা দিনত সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি উপভোগ কৰাৰ লগতে উপস্থিত থাকি সহায় সহযোগিতা ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া,সম্পাদক ভাস্কৰ দাস,উদযাপন সমিতিৰ সভাপতি নিতুল( ৰাজা ) বৰুৱা আৰু সম্পাদক বনশ্যাম গগৈয়ে কামনা কৰিছে৷