*অভিলেখ সৃষ্টিৰ লক্ষ্যৰে গুৱাহাটীৰ সৰুসজাইত ১০ হাজাৰ বিহুৱা-নাচনীৰ বিহু প্ৰদৰ্শনীঃ ১২, ১৩ আৰু ১৪ মাৰ্চত গোলাঘাটত বাছনি শিবিৰ*
ডিজিটেল সংবাদ
গোলাঘাট, ১০ মাৰ্চ : দহ হাজাৰ ঢুলীয়া-নাচনীৰে অসমৰ বিহু নৃত্যই বিশ্ব অভিলেখ গঢ়ি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিব পৰাকৈ একেটা স্থানতে বিহুনাচ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত গোলাঘাট জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ সেই অনুসৰি গোলাঘাট জিলাৰ শিল্পীসকলৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত অহা ১২ মাৰ্চৰ পৰা জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিত বাছনি শিবিৰৰ আয়োজন কৰা হৈছে । এই শিবিৰত অংশগ্ৰহন কৰি বাছনিভুক্ত হ'লে শিল্পীসকলৰ নাম মূল কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে পঞ্জীয়ন কৰা হ'ব । অহা ১৪ মাৰ্চত গোলাঘাট সমষ্টিৰ বাবে গোলাঘাট নগৰত থকা জেনেৰেল ফিল্ড অৰ্থাৎ সমন্বয় ক্ষেত্ৰত আৰু বোকাখাত সমষ্টিৰ বাবে বোকাখাত জেনেৰেল ফিল্ডত বাছনি শিবিৰ অনুষ্ঠিত হ'ব । আনহাতে ১৩ মাৰ্চত দেৰগাঁও সমষ্টিৰ বাবে দেৰগাঁৱৰ স্মৃতি পথাৰত আৰু সৰুপথাৰ সমষ্টিৰ বাবে সৰুপথাৰ জেনেৰেল ফিল্ডত শিবিৰৰ আয়োজন কৰা হৈছে । ১২ মাৰ্চত খুমটাই সমষ্টিৰ বাবে ঢেকিয়াল জেনেৰেল ফিল্ডত বাছনি শিবিৰ অনুষ্ঠিত হ'ব । আটাইকেইটা শিবিৰ পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'ব । ১৫ বছৰ বয়সৰ পৰা ৩৫ বছৰ বয়সৰ মহিলা আৰু ১৫ বছৰৰ পৰা ৫৫ বছৰ বয়সৰ পুৰুষ বিহুৱা-নাচনীয়ে বাছনি শিবিৰত অংশ ল'ব পাৰিব ৷ শিল্পীসকলে এই শিবিৰত অংশ লোৱাৰ বাবে পাছপৰ্ট আকাৰৰ ফটো, পৰিচয় পত্ৰ (আধাৰ/ হাইস্কুল শিক্ষান্ত/উচ্চতৰ মাধ্যমিক/স্নাতক উত্তীৰ্ণৰ প্ৰমাণপত্ৰ- ইয়াৰে যিকোনো এখন), বেংকৰ পাছবুক, অভিজ্ঞতাৰ প্ৰমাণপত্ৰ ( Optional) আৰু স্বাস্থ্য প্ৰমাণপত্ৰ (Self Declaration) দাখিল কৰিব লাগিব । গোলাঘাট সমষ্টিৰ বাবে শিল্পীসকলে দেৱজিৎ গগৈ (9101831432), প্ৰদীপ হাজৰিকা (9101439789) আৰু বৰ্ণালী গগৈ বৰা (9101151296), খুমটাই সমষ্টিৰ বাবে ৰাকেশ বৰা (7002295045), জয়ন্ত কোঁৱৰ (9101563123) আৰু ইলা শইকীয়া (7002929423), দেৰগাঁও সমষ্টিৰ বাবে প্ৰমোদ বৰা (9435827409), ফণীধৰ কোঁৱৰ (9706215525) আৰু অংশুমিতা শৰ্মা (9707484086), সৰুপথাৰ সমষ্টিৰ বাবে ৰশ্মি হাজৰিকা (9101975448) আৰু লীলা গগৈ (6001712675) আৰু বোকাখাত সমষ্টিৰ বাবে ৰূপান্তৰ বৰা (8486131425) আৰু গীতিকা ফুকন (8453419050)ৰ সৈতে যোগাযোগ কৰিব পাৰিব । বাছনি শিবিৰত যোগ্য বিবেচিত বিহুৱা-নাচনীক প্ৰশিক্ষণ দিয়া হ’ব আৰু প্ৰশিক্ষণৰ অন্তত তেওঁলোকে গুৱাহাটীত পাঁচদিনীয়া অনুশীলনৰ অন্তত সৰুসজাই ষ্টেডিয়ামত ১৪ এপ্ৰিল, ২০২৩ তাৰিখে বিহুৰ মুল প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব পাৰিব ৷