২০১৭ চনৰ ৬ মাৰ্চৰ দিনটোতেই ধেমাজি জিলাৰ চিলাপথাৰত 'নিব্বাছ’ নামৰ এটা অখ্যাত সংগঠনৰ সভাপতি সুবোধ বিশ্বাসৰ নেতৃত্বত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দাবীত জনসভা আয়োজন কৰি একাধিক সাম্প্ৰদায়িক লোকে তচনচ কৰিছিল চিলাপথাৰ আছু কাৰ্যালয় ৷ শিলাবৰ্ষণ কৰিছিল শ্বহীদ বেদীত । অসমীয়া স্বাভিমান গামোচা ভৰিৰে মোহাৰি সুধাকণ্ঠ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি ফালি, আলি আঃয়ে লৃগাং, খ্ৰীং খ্ৰীং বাইথৌ পূজা স্হলী আৰু তোৰণ লণ্ডভণ্ড কৰি অসমীয়া জাতিটোক চূড়ান্তভাবে অপমান কৰিছিল ৷ এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি হৈছিল তীব্ৰ প্ৰতিবাদ৷ জাতিৰ স্বাভিমানত আঘাত সনা সেই ঘটনাই আজি ৭ বছৰত ভৰি দিলে । ৰাজ্য কঁঁপোৱা চিলাপথাৰ কাণ্ডৰ পাছত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত এটি বিধায়িনী দলে চিলাপথাৰ আছুৰ কাৰ্যালয় পৰিদৰ্শন কৰি কাৰ্যালয়টি পুনৰ নিৰ্মাণৰ লগতে আৰু বহু কেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত চৰকাৰৰ ঘৰৰ পৰা এটুকুৰা ইটাও নপৰিল আছুৰ কাৰ্যালয়ত । চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই আজি চিলাপথাৰৰ শ্বহীদ ভৱনৰ প্ৰাঙ্গনত গত কেইবছৰৰ দৰে পালন কৰিলে সাম্প্ৰদায়িক অপশক্তিৰ বিৰুদ্ধে এই সংকল্প দিৱস। কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন , শ্বহীদ তৰ্পণ ৰ পাছতেই এটি সমবেত সংগীতেৰে কাৰ্যসূচী আৰম্ভণি হয় । কাৰ্যসূচীত ধেমাজি জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকলে লগতে অন্যান্য বহু কেইটা জাতীয় সংগঠনৰ বিষয় ববীয়া , ছাত্ৰ ছাত্ৰী , আইমাতৃ লগতে চিলাপথাৰৰ বহু কেইজন গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बढ़ रहा भारत का दबदबा, विदेशों में भेजे करोड़ों के स्मार्टफोन; टॉप पर Apple
पिछले साल नवंबर में देश से 10600 करोड़ रुपये के स्मार्टफोन निर्यात किए गए थे। इस बीच सरकार की...
गबन का आरोपी डाक कर्मी गिरफ्तार इस तरह दिया वारदात को अंजाम
डाकघर नैनवा से करोडो रुपये की राशि धोखे से हडप करने का आरोपी पुलिस गिरफ्त मे
...
Ka Sur ka bri U Hynniewtrep stages protest near Assembly
Ka Sur ka bri U Hynniewtrep stages protest near Assembly in Shillong
विमला बनी गौतम समाज लहरिया क्वीनः गौतम समाज महिला मण्डल ने मनाया धूमधाम से लहरिया महोत्सव
बून्दी। गौतम समाज महिला मण्डल द्वारा लहरिया महोत्सव बड़ी ही धूमधाम गौतम छात्रावास में मनाया...