সদৌ অসম মইনা পাৰিজাতৰ শিশু সমাৰোহঃ চাৰিদিনীয়াৰ পৰিবত্তে তিনিদিনীয়াকৈ হ’ব সমাৰোহঃ ৩০ মাৰ্চৰ পৰিবত্তে ৩১ মাৰ্চ, ১,২ এপ্ৰিল দিন ধাৰ্যঃ ধেমাজি মহাবিদ্যালয় খেলপথাৰ পৰিবত্তে ধেমাজি কাছাৰী ময়দানলৈ স্হান সলনিঃ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত-শিক্ষা মন্ত্রী ডাঃ ৰনোজ পেগুৰে আলোচনাঃ

ধেমাজি: ধেমাজিত অনুষ্ঠিত হ'বলগা সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহ অহা ৩১ মার্চ আৰু ১, ২ এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অহা ৩০ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা শিশু সমাৰোহখনি তিনিদিনীয়াকৈ অহা ৩১ মাৰ্চ আৰু ১, ২ এপ্ৰিলত পূৰ্বে অনুষ্ঠিত হ’ব লগা স্হান ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰৰ সলনি ধেমাজি কাছাৰী ময়দানলৈ স্হানান্তৰ কৰা হয় ৷ শিশু সমাৰোহ সুচাৰুৰূপে পৰিচালনা, কৰিবলৈ কুৰিখন বিভিন্ন উপ- সমিতিয়ে প্রস্তুতি চলাই থকাৰ সময়তে আজি সদৌ অসম মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক ৰাতুল বৰা, পুলিন কাকতি, সমাৰোহৰ উপদেষ্টাদ্ধেবয় তথা ধেমাজি উন্নয়ন প্ৰাধীকৰণৰ সভাপতি তোলন কোঁৱৰ, অগপ ধেমাজি জিলা সভাপতি লক্ষীধৰ শেনছোৱা, ধেমাজি জিলা মইনা পাৰিজাতৰ সভাপতি ৰঞ্জিত চিৰিং, সাধাৰণ সম্পাদক নৱজিৎ বৰুৱা, আদৰণী সমিতিৰ সাধাৰণ সম্পাদক নৱজ্যোতি দত্ত, সহকাৰী সম্পাদক বিষ্ণু শর্মাৰ উপস্থিতিত দিছপুৰ সচিবালয়ত যোৱা ২ মাৰ্চত ধেমাজিৰ স্থানীয় বিধায়ক আৰু অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী তথা শিশু সমাৰোহখনিৰ আদৰণী সমিতিৰ মুখ্য পৃষ্ঠপোষক ডাঃ ৰণোজ পেগু আৰু সদৌ অসম মইনা পাৰিজাতৰ সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ সৈতে ৰাজ্যিক সমাৰোহৰ প্ৰস্তুতিৰ অগ্ৰগতি সন্দৰ্ভত আনোচনাত মিলিত হয় ৷ আলোচনাত মিলিতহৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি সমাৰোহৰ স্থান ধেমাজি মহাবিদ্যালয়ৰ পৰিবৰ্তে ধেমাজি কাছাৰী ময়দান আৰু ৩০ মাৰ্চৰ পৰিবৰ্তে ৩১ মাৰ্চৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ চূড়ান্ত সিদ্ধান্ত লয় ।মূল আদৰনী সমিতিৰ সমান্তৰালভাৱে উপ-সমিতিসমূহে নিজ নিজ কামকাজ চলাই শিশু সমাৰোহখনি সফল কৰাত উঠিপৰি লাগিছে ৷ এইক্ষেত্ৰত জিলা মইনা পাৰিজাত আৰু আদৰনী সমিতিয়ে ধেমাজিবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷