ৰাজ্য চৰকাৰে ৰাজকোষৰ আয় বৃদ্ধিৰ লক্ষ্যৰে পৌৰ কৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগেই নাগৰিকৰ মাজত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নাজিৰা পৌৰসভাইও জাননী যোগে নাজিৰাৰ নগৰাঞ্চলৰ বাসিন্দা সকলৰ বৰ্ধিত কৰ তালিকা প্ৰকাশ কৰাৰ পাছতেই এতিয়া জাঙুৰ খাই উঠিছে নাগৰিক সকল। উল্লেখ্য যে যদিও চৰকাৰে পৌৰ কৰ ৩০ৰপৰা ৪০ শতাংশ বৃদ্ধি হোৱাৰ ইংগিত দিছিল নাজিৰাৰ নগৰাঞ্চলৰ একাংশ লোকৰ পূৰ্বৰ ৫০০-১০০০ টকাৰ পৌৰ কৰ বৃদ্ধি হৈ ১০ৰ পৰা ১৫ হাজাৰ পৰ্যন্ত পোৱাত এতিয়া কৰৰ বোজাত ত্ৰাহি মধুসুধন সুঁৱৰিছে নাগৰিক সকলে। একাংশ নাগৰিকৰ পৌৰ কৰে লাখৰ ঘৰো স্পৰ্শ কৰাক লৈ শেহতীয়াকৈ জাঙুৰ খাই উঠিছে নাগৰিক সকল। উল্লেখ্য যে নাজিৰা পৌৰসভাই মাইক যোগে পৌৰ কৰ বৃদ্ধি কৰাৰ জাননী জাৰি কৰাৰ লগতে নতুনকৈ নিৰ্ধাৰণ কৰা পৌৰ কৰৰ তথ্য নাজিৰা পৌৰসভাৰ কাৰ্য্যালয়ত ২০ মাৰ্চৰ ভিতৰত পৰীক্ষা কৰি যিকোনো ওজৰ আপত্তি দাখিল কৰাৰ আহ্বান জনাইছিল। পৌৰ সভাৰ ঘোষণাৰ পাছতেই নাজিৰা পৌৰ কাৰ্যালয়ত পৌৰ কৰৰ নতুন নিৰিখ পৰীক্ষা কৰি চকু কপালত উঠিছে নাগৰিক সকলৰ। কিয়নো পূৰ্বৰ কৰৰ তুলনাত ৫০ ৬০ গুণ পৰ্যন্ত বৃদ্ধি ঘটাই পৌৰ সভাই নতুনকৈ নিৰ্ধাৰণ কৰা কৰে নাগৰিক সকলক জুৰুলা কৰাটো একপ্ৰকাৰৰ নিশ্চিত হৈ পৰিছে। আজি নাজিৰাৰ ১০ টাকৈ ৱাৰ্ডৰ সচেতন নাগৰিক সকলে অভাৱনীয় পৌৰ কৰ বৃদ্ধি সন্দৰ্ভত নাজিৰা নাট্য মন্দিৰত এক বিশাল প্ৰতিবাদী সভা আয়োজন কৰে। বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী প্ৰভাত বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত সকলোৱে পৌৰ কৰৰ অভাৱনীয় বৃদ্ধিয়ে নাগৰিকৰ স্বভাৱিক জীৱনযাত্ৰাত বিৰূপ প্ৰভাৱ পেলাব বুলি একমুখে স্বীকাৰ কৰে। কেৱল ৰাজকোষ টনকিয়াল কৰাৰ স্বাৰ্থতে চৰকাৰে নাগৰিকৰ ওপৰত এনেদৰে অতিৰিক্ত বোজা জাপি দিয়া কাৰ্যক সকলোৱে সমালোচনা কৰাৰ লগতে পৌৰ কৰ বৃদ্ধিৰ বিষয়টো পুনঃবিবেচনাৰ বাবে আহ্বান জনাই ৰাজ্যৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাই। চৰকাৰে সমগ্ৰ বিষয়টো পুনঃবিবেচনা নকৰিলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰে সভাই। সভাত বিশিষ্ট ব্যৱসায়ী জাকিৰ হুছেইন, প্ৰাক্তন পৌৰপতি আব্দুৰ ৰহমান, বিশিষ্ট চিকিৎসক ঈশ্বৰ বৰুৱা, বিশিষ্ট সমাজকৰ্মী প্ৰসাদ সন্দিকৈ আদি বহুকেইজন গণ্য মান্য ব্যক্তিয়ে ভাষন প্ৰদান কৰি চৰকাৰৰ এই সিদ্ধান্ত হঠকাৰী আখ্যা দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વીજપડી ગામે મોહરમ માસ દરમિયાન તાજીયાનું ઝુલુસ નિકાળવામાં આવ્યું.
વીજપડી ગામે મોહરમ માસ દરમિયાન તાજીયાનું ઝુલુસ નિકાળવામાં આવ્યું. મુસ્લિમ સમાજના અતિ પવિત્ર એવા...
ৰাঙলী গাঁৱৰ দীৰ্ঘদিনৰ সমস্যা সমাধানৰ দিশত
মাহমৰা বিধানসভা সমষ্টিৰ মিলন গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাঙলী জৰিগুৰী প্ৰাথমিক বিদ্যালয়ৰ পকী...
Joe Biden की Security को क्यों कहा जाता है दुनिया का सबसे ख़तरनाक 'सुरक्षा कवच'? | G20 Summit | N18V
Joe Biden की Security को क्यों कहा जाता है दुनिया का सबसे ख़तरनाक 'सुरक्षा कवच'? | G20 Summit | N18V
परतूर येथे वंचित बहुजन आघाडीचे 2019 माजी लोकसभा उमेदवार आलमगीर खान
एम.आय.एम.चे माजी परतूर तालुका अध्यक्ष अझरुद्दीन काझी यांच्या मुलीच्या लग्नात वंचित बहुजन आघाडीचे...
BSNL का 60 दिन वाला सस्ता प्लान, अनलिमिटेड कॉलिंग के साथ रोजाना 1GB डेटा
BSNL 60 Day Plan बीएसएनएल ने अपने यूजर्स के लिए एक किफायती प्लान पेश किया है। इसमें दो महीने यानी...