আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দৰঙৰ দলগাঁৱত আজি এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত আজি বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থাকে দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, আৰক্ষী অধীক্ষক ৰাজ মোহন ৰায়, দলগাৱৰ বিধায়ক মজিবূৰ ৰহমান, উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰা। এই উপলক্ষে চক্ৰ বিষয়া কাৰ্যালয়ত আজি অনুষ্ঠিত সভা এখনত মিছন বসুন্ধৰা-১ ত জিলাখনৰ সৰ্বাধিক নিষ্পত্তি হোৱা দলগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ৰ মন্ডল, গাওঁ প্ৰধান সকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। দলগাও আৰক্ষী থানা চৌহদতো আজি বৃক্ষ ৰোপন কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে।
আনহাতে হৰ ঘৰ ত্ৰিৰঙা কাৰ্যসূচীৰ অন্তৰ্গত সকলোকে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট লৈ নিজৰ বাসগৃহত সন্মান সহকাৰে পতাকা উত্তোলন কৰিবলৈ জিলা উপায়ুক্ত গৰাকীয়ে ৰাইজক আহ্বান জনায়।