সাংসদ গৌৰব গগৈৰ বিৰুদ্ধে সৰৱ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা( খিলঞ্জীয়া).

গোৰ্খা সম্পদায়ৰ দ্বি ভোটাৰ সমস্যা সমূহ দূৰীকৰণৰ সন্দৰ্ভত সাংসদ গৌৰব গগৈয়ে গৃহ মন্ত্ৰী আমিত চাহলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিচতে আজি এক সংবাদমেলৰ জৰিয়তে ক্ষোভ উজাৰিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া সকলে. সংখ্যালঘু লোকৰ দ্বি ভোটাৰৰ যি সমস্যা উক্ত সমস্যা সন্দৰ্ভত আজি পৰ্যন্ত কংগ্ৰেছ চৰকাৰ অথবা বিৰুধীৰ কোনেও কেতিয়াও খিলঞ্জীয়া সংখ্যালঘু লোকৰ কথা নাভাবিলে বুলি সংবাদ মেলত সাংসদ গৌৰব গগৈক তীব্ৰ সমালোচনা কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববিয়া সকলে. লগতে আগন্তক নিৰ্বাচনত নিৰ্বাচন প্ৰচাৰৰ বাবে আহিলে খিলঞ্জীয়া সংখ্যালঘু ৰাইজে কলা পতাকাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে.