গোলাঘাটত অসম লোক সেৱা আয়োগৰ বিনামূলীয়া প্ৰশিক্ষণ আৰম্ভ

গোলাঘাট,২ মাৰ্চঃ বীৰ লাচিত সেনা অসম‌, গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ সহযোগত কালিৰে পৰা দহদিনীয়াকৈ অসম লোকসেৱা আয়োগৰ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে । হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ পেক্ষাগৃহত আয়োজিত আজিৰ উদ্ধোধনী অনুষ্ঠানটোত সভাপতিত্ব কৰে বিশিষ্ট বোলছবি পৰিচালক তথা গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ গগৈয়ে।বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ সম্পাদক অভিলাষ বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰমণদ্বীপ কৌৰ, গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়া পাপৰি দাস, জিলা পৰিবহণ বিষয়া দিব্যজোতি কাৰ্জী, অধ্যাপক দেৱজিত ফুকন, বীৰ লাচিত সেনা অসম ৰ মুখ্য সচিব ৰন্টু পাণিফুকন, সাংবাদিক মোস্তাক হুছেইন আৰু সঞ্জীৱ শইকীয়াকে প্ৰমুখ্যে কৰি‌‌ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ অনুষ্ঠানত দুইশতাধিক প্ৰশিক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে । অনুষ্ঠানত উদ্যোক্তা সমিতিৰ হৈ বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ সভাপতি পৱিত্ৰ বৰা, সম্পাদক অভিলাষ বৰা, উপ- সভাপতি বিতোপন শৰ্মা,হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউঞ্চিল আৰু গাইডেঞ্চ চেলৰ বিষয়ববীয়াসকল উপস্থিত থাকে