শিৱসাগৰ জিলাৰ যান-বাহন বিভাগে অনতিপলমে আৰম্ভ কৰিব ই-চালান । যান- বাহন আইন ভংগকাৰী সকলে এতিয়াৰ পৰা জৰিমণা অন-লাইন পৰিশোধ কৰিব পাৰিব।শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই আজি আৰক্ষী অধীক্ষক কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি এই কথা সদৰী কৰে।এতিয়া পৰা কোনো লোক যান-বাহন আইন ভংগ কৰিলে আৰক্ষীয়ে লোৱা ব্যৱস্থা সন্দৰ্ভত আইন ভংগকাৰীক ব্যক্তিগত মবাইল যাৱতীয় জৰিমণাৰ তথ্য প্ৰেৰণ কৰা হব। উক্ত তথ্যত কিয়া,কেতিয়া ,কেনেকৈ তেওঁ যান-বাহন আইন ভংগ কৰিলে সেই সন্দৰ্ভত বিশদ বিৱৰণ থকাৰ লগতে তেওঁ ই-চালান চাইটত গৈ উক্ত আইন ভংগৰ ফটো পৰ্যন্ত লাভ কৰিব বুলি অধীক্ষক গৰাকীয়ে সংবাদ মেলত জানিব দিয়ে।তেওঁ ৰাইজক এই দিশত সজাগ হবলৈ আহবান কৰি কয় যে এই ই-চালান জৰিমণা সংগ্ৰহৰ বাবে নহয় কিন্ত ৰাইজক যান-বাহন আইন ভংগ নকৰিবলৈ এক আহবান।